নিৰ্মাণ ব্যয় ৩২ কোটিঃ তিনিমাহ নহওঁতেই ছিৰাল ফাট হাটবৰ-কঁঠাল চাং সংযোগী পথত…

নিৰ্মাণ ব্যয় ৩২ কোটিঃ তিনিমাহ নহওঁতেই ছিৰাল ফাট হাটবৰ-কঁঠাল চাং সংযোগী পথত…

নিৰ্মাণ ব্যয় ৩২ কোটিঃ তিনিমাহ নহওঁতেই ছিৰাল ফাট হাটবৰ-কঁঠাল চাং সংযোগী পথত…

ডিজিটেল সংবাদ কলিয়াবৰ: মৰণ ফাণ্ডত পৰিণত পৰিবৰ্তন কামী চৰকাৰৰ দিনত নিৰ্মাণ হোৱা কলিয়াবৰৰ ৩২ কোটি টকীয়া এটি পকী পথ ।এই মৰণ ফাণ্ড সদৃশ পথটোৰ বাবে যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰাছে স্থানীয় ৰাইজে ।প্ৰায় ৩২ কোটি টকাৰ ব্যয় সাপেক্ষে কলিয়াবৰৰ হাটবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপৰ পৰা কঁঠাল চাঙলৈকে তিনিমাহ পূৰ্বে নতুনকৈ নিৰ্মাণ হৈছিল এই পকী পথটো ।ঠিকাদাৰে পকী পথটো নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱা আৰু নিৰ্মান কাৰ্যত চূড়ান্ত হেমাহি কৰাৰ বাবেই পকী পথটোত প্ৰকাণ্ড প্ৰকাণ্ড ছিৰিলা ছিৰিলকৈ ফাট মেলাৰ অভিযোগ উঠিছে ।পকী পথটো এইদৰে দৈনিক প্ৰকাণ্ড প্ৰকাণ্ড ফাট মেলিলে নতুনকৈ নিৰ্মাণ হোৱা দুখনকৈ পকী দলং খহি যোৱাৰ সম্ভাৱনাই দেখা দিছে ।

উল্লেখ যে ২০১৯ চনৰ ৪ জুনত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ গ্ৰাম্য পথ সংমণ্ডলৰ তত্বাৱধানত এচ , অ, পি, ডি(জি) আঁচনিৰ অধীনৰ এই পথটো নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিছিল আৰু পথচোৱাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল প্ৰায় তিনি মাহ পূৰ্বে । ৩২ কোটি টকাৰ এই পথচোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল ইউ চি কনষ্ট্ৰাকশ্বন নামৰ প্ৰতিষ্ঠানটোৱে।এই প্ৰতিষ্ঠানটোৱে কামত কৰা গাফিলতিৰ বাবেই পথটোত থকা দুখনকৈ দলঙৰ দুই মূৰ সংযোগৰ মাত্ৰ তিনি মাহতে খহি যোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ বিপৰীতে নিৰ্মাণ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে পথটো নিৰ্মাণত গাফিলতিৰ বাবে নহয় বৰঞ্চ নতুন মাটি পেলোৱাৰ বাবেহে পথচোৱা খহি যোৱা বুলি দায়সৰা মন্তৱ্য দিয়া পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in