অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত লাচিতৰ জীৱনৰ আধাৰত বাটৰ নাট প্ৰদৰ্শন
অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত লাচিতৰ জীৱনৰ আধাৰত বাটৰ নাট প্ৰদৰ্শন 
মুখ্য-পৃষ্ঠা

অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত লাচিতৰ জীৱনৰ আধাৰত বাটৰ নাট প্ৰদৰ্শন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰে অগ্ৰণী শিক্ষানুষ্ঠান অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিতো আজি উদযাপন কৰা হয় লাচিত দিৱস। লাচিত দিৱসৰ কাৰ্যসূচীৰ অংশস্বৰূপে বিশ্ববিদ্যালয়ৰ চৌহদত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনত যোৱা ১১ নৱেম্বৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে উন্মোচন কৰিছিল মহান অসমীয়া বীৰ লাচিত বৰফুকনৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি।

আজি লাচিত দিৱস উপলক্ষে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে লাচিতৰ জীৱনৰ আধাৰত এখন বাটৰ নাটো মঞ্চস্থ কৰে। নাটখনত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজীক অতি সুন্দৰকৈ উপস্থাপন কৰে বিশ্ববিদ্যালয়ৰ নাটকীয় ক্লাব ৰয়েল ৰংমঞ্চে।