ঢকুৱাখনাত জাতীয় বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ সামৰণি
ঢকুৱাখনাত জাতীয় বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ সামৰণি 
মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত জাতীয় বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম আৰু অসমীয়াৰ স্বাভিমানী সত্তা স্বৰূপ জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষত বৃহস্পতিবাৰে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰে বৰ্ণিল সামৰণি কাৰ্যসূচী। ঢকুৱাখনা মহকুমা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৰ্ণাঢ্য সামৰণি অনুষ্ঠানত মহকুমাধিপতি অৰিন্দম বৰুৱাই বন্তি প্ৰজ্বলন আৰু  বীৰ লাচিতৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ কৰাৰ পাছত  "আকৌ যদি যাব লাগে শৰাই ঘাটলৈ.. " শীৰ্ষক শ্ৰুতিমধুৰ বৃন্দগানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

মহকুমাধিপতি বৰুৱাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা কেন্দ্ৰীয় জয়ন্তী অনুষ্ঠানত "লাচিত বৰফুকনঃ গৌৰৱময় গাঁথা" শীৰ্ষক বিষয়বস্তুৰ সন্দৰ্ভত ঢকুৱাখনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মনোৰঞ্জন বৰদলৈয়ে গৱেষণালব্ধ  আৰু  সাৱলীল উপস্থাপনেৰে উপস্থিত দৰ্শক আৰু শ্ৰোতা ৰাইজক সন্মোহিত কৰে।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি শিক্ষাবিদ কেশৱ গগৈ আৰু মৌচুমী হাতী বৰুৱাই আঁত ধৰা অনুষ্ঠানত ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ "লাই লুং খাম" দলৰ  টাই  নৃত্যৰে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পৰৱৰ্তী  সময়ত ঢকুৱাখনা মহকুমা প্ৰশাসনে জন্ম জয়ন্তীৰ উপলক্ষত প্ৰকাশ কৰি উলিওৱা "ঢকুৱাখনাৰ ৰেঙনি" শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰে ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক গৱেষক ড০ কেশৱ হাজৰিকাই । আনহাতে তথ্য চিত্ৰ প্রদর্শন কৰা অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কার্যসূচীত মহকুমা প্ৰশাসনৰ লগতে  ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক ৰাইজে অংশ গ্ৰহণ কৰে । উক্ত সভাতেই বিগত সময়ত জন্ম জয়ন্তীৰ উপলক্ষত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অর্জন  কৰা  প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰে।

আৰু পঢ়কঃ বৰকলাত ৫৫ ফুট উচ্চতাত ৩৭৫বৰ্গফুটৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন...