মুখ্য-পৃষ্ঠা

কলিয়াবৰত আগৰ কাঠসহ ২১ লাখৰো অধিক টকা জব্দ…

asomiyapratidin

কলিয়াবৰত আগৰ কাঠসহ ২১ লাখৰো অধিক টকা জব্দ…

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ মিছাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে বিয়লি এখন বলেৰ' গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশিৰ লগতে মূল্যবান আগৰ কাঠৰ টুকুৰা উদ্ধাৰ কৰা হৈছে। মিছা আৰক্ষীৰ তালাচীৰ সময়তে হোজাইৰ পৰা দেৰগাও অভিমুখী এ এছ ০৩ এ এ ০২৪৪ নম্বৰৰ ব'লেৰ" বাহনখনৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ধনৰ লগতে মূল্যবান আগৰ কাঠখিনি। জানিব পৰা মতে উদ্ধাৰ হোৱা টকাৰ মুঠ পৰিমাণ ২১ লাখ ৩৭ হাজাৰ ৮০০ টকা।

আৰক্ষীয়ে ইতিমধ্যে ব'লেৰ' গাড়ীখনৰ আৰোহী তিনিজন লোকক আটক কৰিছে ৷আটকাধীন লোক তিনিজন হ'ল ক্ৰমে গোলাঘাট জিলাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণিৰ মিণ্টু আলি(৩৫), আমিৰউদ্দিন(৩৭) আৰু ডবকাৰ দক্ষিন বেলুৱাটিৰ চেকজিল আলম(১৭) ।

ধৃত ব্যক্তিকেইজন ভাষ্য অনুসৰি হোজাইত আগৰ বিক্ৰি কৰি লৈ আহিছিল এই বুজন পৰিমানৰ ধনৰাশি ৷অৱশ্যে এই ক্ষেত্ৰত ধৃত লোক তিনিজনে আৰক্ষীক কোনোধৰনৰ পতিয়ন যোগ্য নথি-পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই৷ বিষয়টোৰ সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে l