মুখ্য-পৃষ্ঠা

উপাৰ্জনৰ সকলো পথ বন্ধঃ শিল্প কৰ্ম এৰি পৰিয়াল পোহপাল দিবলৈ দিন হাজিৰাত ব্যস্ত শিল্পী…

asomiyapratidin

উপাৰ্জনৰ সকলো পথ বন্ধঃ শিল্প কৰ্ম এৰি পৰিয়াল পোহপাল দিবলৈ দিন হাজিৰাত ব্যস্ত শিল্পী…

ডিজিটেল সংবাদ কলিয়াবৰ : ক'ভিডসৃষ্ট প্ৰতিকুল পৰিৱেশৰ বাবে বাৰুকৈয়ে বিপদত পৰিছে ৰাজ্যৰ শিল্পী সমাজ। আৰ্থিক অনাটনৰ বাবে এতিয়া দিন হাজিৰা কৰি পেট প্ৰবৰ্ত্তাব লগা হৈছে কলিয়াবৰৰ এজন সুদক্ষ শিল্পীয়ে। নিজ হাতে ১০ হাজাৰৰো অধিক বাঁহী তৈয়াৰ কৰাৰ লগতে বিভিন্ন বাদ্য যন্ত্ৰ বজোৱাত পাৰ্গত শিল্পী পলাশ শংকৰ শইকীয়াৰ এতিয়া কৰ্মহীনতাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । দীৰ্ঘ দিন ধৰি গুৱাহাটীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু কৰ্মৰ লগত জৰিত হৈ উপাৰ্জনৰ পথ মুকলি কৰা শিল্পী পলাশ শংকৰ শইকীয়াই এতিয়া দিন কটাব লগা হৈছে উপাৰ্জনহীন ভাৱে। সংগীত জগতত আধুনিক কাৰিকৰী কৌশল প্ৰয়োগে ইতিমধ্যে দুৰ্যোগ নমাই আনিছিল বাদ্যযন্ত্ৰীৰ জীৱনলৈ। তাৰ পিছত ক'ৰোনা কেন্দ্ৰিক পৰিস্থিতিয়ে অধিক জটিল কৰি তুলিলে এইসকল শিল্পীৰ জীৱন।

উল্লেখযোগ্য যে, ৰাজ্যৰ কেইবাজনো বিশিষ্ট শিল্পীৰ সৈতে সংগীত আৰু নৃত্য পৰিচালনাৰ কাম কৰা কলিয়াবৰৰ দীঘলিৰ এইজন পলাশ শংকৰ শইকীয়া শংকৰী সংগীত, নৃত্য আৰু বাদ্য আদিত পৰিপক্ক শিল্পী। শংকৰী সংগীত পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সংগীত আৰু নৃত্য বিশাৰদ পলাশ শংকৰ শইকীয়াই তৈয়াৰ কৰা বাঁহী ব্যৱহাৰ কৰি আহিছে অসমৰ লগতে দক্ষিণ ভাৰতৰো বহু শিল্পীয়ে। পেটৰ তাড়নাত বাঁহীৰ লগতে গগনা, ঢোলৰ মাৰি আদি প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছিল যদিও ক'ৰোনা সৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ পৰে সেই ব্যৱসায়।

ইফালে, অসমীয়া সংগীত জগতত বাদ্যযন্ত্ৰীৰ মন্দাৱস্থাৰ বাবে গুৱাহাটীৰ পৰা ঘৰলৈ ঘূৰি আহি শিল্পীজনে বিয়াৰ বেণ্ড পাৰ্টিত কাম কৰা আৰম্ভ কৰিছিল। সেয়াও বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ । এনে প্ৰেক্ষাপটত আৰ্থিক নাটনিৰ বাবে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীণ হৈছে শিল্পীগৰাকী।সেয়েহে ক'ভিড সৃষ্ট জটিল সন্ধিক্ষণত দিন হাজিৰাৰে নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ বাধ্য হৈছে শিল্পী পলাশ শংকৰ শইকীয়াই ৷