দৌলাশাল আৰক্ষী চকীৰ প্ৰথম মহিলা আৰক্ষী বিষয়াক আদৰণি বিৰিণা গোষ্ঠীৰ…

দৌলাশাল আৰক্ষী চকীৰ প্ৰথম মহিলা আৰক্ষী বিষয়াক আদৰণি বিৰিণা গোষ্ঠীৰ…

দৌলাশাল আৰক্ষী চকীৰ প্ৰথম মহিলা আৰক্ষী বিষয়াক আদৰণি বিৰিণা গোষ্ঠীৰ…

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত তথা জনবহুল গাঁও দৌলাশালত ষাঠিৰ দশকতে স্থাপিত দৌলাশাল আৰক্ষী চকীত প্ৰথম মহিলা আৰক্ষী বিষয়া হিচাপে শনিবাৰে যোগদান কৰে মহিলা উপ পৰিদৰ্শক ৰাজশ্ৰী বুঢ়াগোহাঁইয়ে । মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত দৌলাশাল আৰক্ষী চকীত দীৰ্ঘদিন ধৰি নাছিল এগৰাকী উপ পৰিদৰ্শক । এগৰাকী সহঃ উপ পৰিদৰ্শকৰ দায়িত্বত চলিছিল দৌলাশাল আৰক্ষী চকী । বিভিন্ন সময়ত অঞ্চলবাসীয়ে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আৰক্ষী চকীখনত এগৰাকী উপ পৰিদৰ্শক লাগে বুলি দাবী জনাই আহিছিল ।অৱশেষত ৰাইজৰ দাবীক স্বীকাৰ কৰি অঞ্চলবাসীৰ আবেগ জড়িত আৰক্ষী চকীখনত উপ পৰিদৰ্শক নিযুক্তিদিয়াত অঞ্চলবাসীয়ে সন্তোষ প্ৰকাশ কৰে।

ইফালে দৌলাশাল আৰক্ষী চকীত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা আৰক্ষীৰ যোগদানে চৰ্চা লাভ কৰিছে অঞ্চলটোত । ইতিমধ্যে আছুকে ধৰি বিভিন্ন দল-সংগঠনে মহিলা আৰক্ষী বিষয়া গৰাকীক বিপুল আদৰণি জনায় । দেওবাৰে বিৰিণা গোষ্ঠী অসমৰ মুখ্য কাৰ্যালয় দৌলাশালৰ পৰা গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠক, সম্পাদক তফিকুৰ ৰহমান, সহকাৰী সম্পাদক সুৰজিৎ পাঠক, সদস্য জেহেৰুল ইছলাম, খঞ্জনজ্যোতি পাঠককে আদি কৰি এটি সজাতী দল গৈ মহিলা আৰক্ষী বিষয়া গৰাকীক বিৰিণাৰ নামাংকিত গামোচা আৰু বিৰিণাৰ দ্বাৰাই প্ৰকাশিত কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায়। সজাতী দলটোৱে অঞ্চলটোৰ সমস্যা সম্পৰ্কতো উপ পৰিদৰ্শকগৰাকীৰ লগত বাৰ্তালাপ কৰে ।মহিলা আৰক্ষী বিষয়াগৰাকীয়ে অঞ্চলটোক এটি মৰ্যাদাপূৰ্ণ অঞ্চল হিচাপে গঢ় দিব পাৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in