মুখ্য-পৃষ্ঠা

কলাক্ষেত্ৰত ২০ বিশিষ্টি চিত্ৰশিল্পীৰ হাতৰ যাদুৰ সমাহাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চিত্ৰৰ সমাহাৰ। ১১ আগষ্টৰ পৰা ১৮ আগষ্টলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্ট গেলাৰীত প্ৰদৰ্শন কৰা হৈছে বিশিষ্ট চিত্ৰশিল্পী হাতৰ পৰশত প্ৰাণ পাই উঠা বহু চিত্ৰশিল্প। ললিত কলা একাডেমিয়ে গুৱাহাটী আৰ্টিষ্ট গীল্ড আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত আয়োজন কৰা এই চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটিৰ নাম হৈছে "২০ মৰ্ডান ইণ্ডিয়ান মাষ্টাৰ্চ"।

এই প্ৰদৰ্শনীত দেশৰ ২০গৰাকীকৈ চিত্ৰশিল্পীৰ হাতৰ বুলেৰে উজ্জিৱীত হোৱা বহু কেইখন মূল্যবান চিত্ৰ প্ৰদৰ্শন কৰা হৈছে। এই ২০গৰাকী চিত্ৰশিল্পী হ'ল ক্ৰমে- শোভা ব্ৰহ্ম, নীলপৱন বৰুৱা, হেমাঙ্গিনী বৰদলৈ, বেনু মিশ্ৰ, আশু দেৱ, হেমন্ত মিশ্ৰ, প্ৰণৱ বৰুৱা, পুলক গগৈ, মাধৱ বৈশ্য, গৌৰী বৰ্মন, এম.এফ হুছেইন, এছ এইছ ৰাজা, তৈয়ব মেহতা, ভি এছ গায়টোণ্ডে, প্ৰভাকৰ বাৰৱে, ভূপেন খাখাৰ, ৰাম কুমাৰ, কে কে হেব্বাৰ, এন এছ বেন্দ্ৰে আৰু আকবৰ পাদাম্ছে।

এই বিশিষ্ট চিত্ৰশিল্পীসকলৰ প্ৰকৃত চিত্ৰসমূহ নৱ প্ৰজন্মৰ আগত দাঙি ধৰি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে ললিত কলা একাডেমিয়ে আয়জন কৰে এই প্ৰদৰ্শনী অনুষ্ঠান। বিভিন্ন মাধ্যমত উপলব্ধ এই অমূল্য চিত্ৰসমূহ নতুন প্ৰজন্মৰ চিত্ৰশিল্পীয়ে যাতে স্বচক্ষে প্ৰদৰ্শন কৰিব পাৰে তাৰেই প্ৰয়াস আয়োজকৰ। উল্লেখ্য অহা ১৮ আগষ্টলৈ দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজালৈ প্ৰদৰ্শিত হ'ব এই চিত্ৰসমূহ।