মুখ্য-পৃষ্ঠা

অনলাইন বাইক বুক কৰা যুৱতীক দলবদ্ধ ধৰ্ষণ চালক আৰু সহযোগীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে নাৰী জনিত অপৰাধ মূলক ঘটনা। বহু আইন, প্ৰশাসনৰ পদক্ষেপৰ পাছতো নাৰী সকল প্ৰতাড়িত হৈ আহি আছে। ইয়াৰ মাজতে এক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে।

কেৰালাৰ এগৰাকী ২২ বছৰীয়া মহিলাক বাংগালুৰুত এজন ৰেপিডো চালক আৰু তেওঁৰ সহযোগীয়ে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ মতে যোৱা শুকুৰবাৰে এই ঘটনা সংঘটিত হয়।

ভুক্তভোগী মহিলা গৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি শুকুৰবাৰে মাজনিশা তেওঁ এগৰাকী বন্ধুৰ ঘৰত আছিল। মহিলা গৰাকীয়ে আন এজন বন্ধুক লগ কৰিবলৈ ৰেপিডোত বাইক বুক কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, মহিলা গৰাকীয়ে 'ৰেপিডো'ত বাইক বুক কৰাৰ সময়ত সুৰাপান কৰিছিল। চালকজনে মহিলা গৰাকীক গন্তব্যস্থানলৈ লৈ গৈছিল কিন্তু মহিলা গৰাকী বাইকৰ পৰা নামিব পৰা অৱস্থাত নাছিল।

পৰিস্থিতিৰ সুযোগ লৈ চালকজনে মহিলা গৰাকীক তেওঁৰ ঘৰলৈ লৈ গৈছিল। কিছু সময় পিছত চালকজনৰ আন সহযোগীও আহিছিল। তাৰ পাছতেই মহিলা গৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল।

পিছদিনা যেতিয়া মহিলা গৰাকীয়ে সংজ্ঞান ঘূৰি আহিছিল কৰিছিল তেতিয়া বিষ অনুভৱ কৰিছিল। মহিলা গৰাকীয়ে অভিযুক্তৰ ঘৰৰ পৰা ওলাই আহি আৰক্ষীক খবৰ দিছিল। ঘটনা সন্দৰ্ভত দুজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰু পঢ়ক: মৰাণৰ নবোদয় বিদ্যালয়ত গৰ্ভৱতী শিক্ষয়িত্রীক দলবদ্ধ আক্ৰমণ ছাত্ৰৰ...