মুখ্য-পৃষ্ঠা

কাজিৰঙাত প্ৰকৃতিৰ দলিচা...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ ৰাজপথত বসন্তই পাতিছে ৰঙৰ মেলা । ফাগুনে লঠঙা কৰা গছ লতিকাত বসন্তই ঢালি দিলে সেউজ আভৰণ ৷ সেউজ বুলিয়া হৈ পৰা কাজিৰঙাৰ ৰাজপথৰ দুয়ো কাষৰ গছ-গছনিত এতিয়া নানা ৰঙৰ সমাহাৰে আনি দিছে অনন্য ৰূপ ৷

কাজিৰঙাৰ একাবেঁকা ৩৭ নং ৰাষ্ট্ৰীয় পথত এজাৰৰ বেঙুনীয়াৰ লগত সোণাৰুৰ হালধীয়াই সৃষ্টি কৰিছে অপৰূপ সৌন্দৰ্যৰ ৷ আকাশ ৰঙীন কৰি ফুলা কৃষ্ণচূড়াৰ পাহিয়ে পাৰি দিছে ফুলৰ দলিচা, ডাল ভৰি ফুলিছে ৰাধাচূড়া ৷

যেন শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠা এখন ৰঙীন ছবি ৷ বতাহত সৰি পৰা ৰঙা, বেঙুনীয়া, হালধীয়া ফুলৰ পাহিবোৰে মোহময় কৰি তুলিছে কাজিৰঙাৰ ধৰাতল ৷ কাজিৰঙাৰ ৰাজপথৰ মোহময়ী ৰূপে মতলিয়া কৰিছে পথচাৰীক ৷ উঠলি উঠিছে শিল্পীৰ প্ৰাণ ৷