জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

জামুগুৰিহাটৰ সমীপৰ ইটাখোলাৰ হাবিদলনীত ২০১৯ বৰ্ষত প্ৰতিষ্ঠা কৰা জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ বুধবাৰে

author-image
Asomiya Pratidin
New Update
জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ ইটাখোলাৰ হাবিদলনীত ২০১৯ বৰ্ষত প্ৰতিষ্ঠা কৰা জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ বুধবাৰে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। এই উদ্দেশ্যে পুৱাই পতাকা উত্তোলনেৰে কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মতিবুৰ ৰহমানে ।

Advertisment

ইয়াৰ পিছতে অনুষ্ঠিত মূল সভা বঁটা বিতৰণী অনুষ্ঠানৰ সভাপতিৰ আসন অলংকৃত কৰে জ্ঞানজ্যোতি জাতীয় বিদ্যালয় পৰিচালা সমিতিৰ সভাপতি মিন্টু নাথে ৷ মূল সভাৰ মঞ্চ উদ্বোধন কৰে নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাই ।

অনুষ্ঠানটিত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী মোশ্ৰাফ নাছেৰে ৷ নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ও শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ সঞ্চালক লক্ষীজিৎ দাসে ৷

বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদ আৰু বিশ্বনাথ জিলা জমিয়তৰ সভাপতি নুৰুল আমিন কাছিমিয়ে ৷ ইয়াৰ উপৰিও অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বিদ্যালয়খনিৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।

আৰু পঢ়কঃ ছহীদৰ প্ৰতি সন্মান, প্ৰাণ আহুতি দিয়া জোৱানৰ নামত পথ নামাকৰণ

জাতীয় বিদ্যালয় প্ৰতিষ্ঠা দিৱস