বুঢ়াপাহাৰ বনাঞ্চলত আজিৰে পৰা আৰম্ভ হ'ল জীপ ছাফাৰী...
বুঢ়াপাহাৰ বনাঞ্চলত আজিৰে পৰা আৰম্ভ হ'ল জীপ ছাফাৰী...  
মুখ্য-পৃষ্ঠা

বুঢ়াপাহাৰ বনাঞ্চলত আজিৰে পৰা আৰম্ভ হ'ল জীপ ছাফাৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলখন বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় বনাঞ্চল খন।

উল্লেখ্য যে, উদ‍্যানখনৰ আন আন বনাঞ্চলত কৈ বুঢ়াপাহাৰ বনাঞ্চলখন অলপ দ হোৱাৰ বাবে বহু ঠাইত বহু পলমকৈ পানী শুকুৱাৰ বাবে অলপ পলম হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে । বাট-পথ উলিৱাওতে পলম হোৱাৰ বাবেই পলমকৈ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে বুঢ়াপাহাৰ বনাঞ্চল।

বৃহস্পতিবাৰৰ প্ৰথম দিনটোতে বহিঃৰাজ্যৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ দলে জীপ ছাফাৰীৰে দৰ্শন কৰিলে বুঢ়াপাহাৰ বনাঞ্চল । বিশ্ব বিখ্যাত এশিঙীয়া গড়¸ বাঘ¸ হৰিণ¸ হাতী¸ মহৰ লগতে টুপী মুৰীয়া বান্দৰৰ বিচৰণস্থলী এই বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে যথেষ্ট আকৰ্ষণৰ কেন্দ বিন্দু হৈ পৰা বুলিও জানিব পৰা গৈছে ।