ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্ধোধন প্ৰমোদ বড়োৰ
ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্ধোধন প্ৰমোদ বড়োৰ 
মুখ্য-পৃষ্ঠা

চিৰাঙৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্ধোধন প্ৰমোদ বড়োৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলা সদৰ কাজলগাঁৱৰ নিলিবাৰীত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আই টি আইৰ শুভ উদ্ধোধন । চিৰাঙৰ এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শুভ উদ্ধোধন কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োই ।

উদ্ধোধন কৰি প্ৰমোদ বড়োই কয় যে বিটিআৰ এলেকাত মুঠ ১১ টা আই টি আই চলি থকাৰ কথা আছিলে কিন্তু তাৰে মাজত ৭খন আই টি আই হে ভালদৰে চলি আছে । বাকী ৪ খন আই টি আই যাতে সোনকালেই আৰম্ভ কৰিব পাৰি তাৰ দ্ৰুত পদক্ষেপ হিচাপে আজি চিৰাঙৰ কাজলগাঁৱৰ নীলিবাৰী স্থিত আই টি আই খন উদ্ধোধন কৰা হয়।

এই আই টি আইৰ জৰিয়তে চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক-যুৱতী তথা ছাত্ৰ ছাত্ৰী সকলে কাৰিকৰী প্ৰশিক্ষণ লাভ কৰি আগলৈ কৰ্মজীৱনৰ পাতনি মেলাৰ সুযোগ লাভ কৰিব । বিটিআৰ এলেকাৰ আই টি আই সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলক কাৰিকৰী দিশত সহায় কৰিবলৈ ভাৰতৰ টাটা, এল এন্ড টি দৰে আগশাৰীৰ প্ৰতিষ্ঠানে আগবাঢ়ি আহিছে বুলি সদৰি কৰে । এই আই টি আই সমূহত নিয়মীয়া পাঠদানৰ উপৰি বিয়লি ভাগত দক্ষতা বৃদ্ধিৰ ওপৰত বিশেষ পাঠদানৰ ব্যবস্থা কৰা হ'ব বুলি পৰিকল্পনা কৰা হৈছে ।

অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনস্থ চিৰাঙৰ কাজলগাঁৱৰ এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শুভ উদ্ধোধন অনুষ্ঠানত আজি উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, কাৰ্য্যবাহী সদস্য উইলছন হাছদা, পাৰিষদ মাধৱ ছেত্ৰী সহ বহু আমন্ত্ৰিত অতিথি ।