ঢকুৱাখনাত আন্তৰ্জাতিক প্ৰতিবন্ধী দিৱস পালন...
ঢকুৱাখনাত আন্তৰ্জাতিক প্ৰতিবন্ধী দিৱস পালন... 
মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত আন্তৰ্জাতিক প্ৰতিবন্ধী দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: আজি বিশ্ব প্ৰতিবন্ধী দিৱস । ১৯৯২ চনৰ পৰা ৰাষ্ট্ৰসংঘই ৩ ডিচেম্বৰৰ দিনতো বিশ্ব পৰতিবন্ধী দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰি অহাৰ পৰৱৰ্তী সময়ত বিশ্ব জুৰি পালিত হৈ অহা প্ৰতিবন্ধী দিৱস ঢকুৱাখনাতো শনিবাৰে উদযাপন কৰা হয়। 

প্ৰধানতঃ শাৰীৰিক ভাবে বাধাগ্ৰস্ত লোকসকলক সমমৰ্যদা আৰু সুৰক্ষা প্ৰদান আৰু কল্যাণৰ হকে পালিত হোৱা এই দিৱস অসম সমগ্ৰ শিক্ষা অভিযান মিচনৰ সৌজন্যত ঢকুৱাখনা প্ৰাথমিক শিক্ষাখণ্ডৰ উদ্যোগত পালিত হয়। ঢকুৱাখনা মজলীয়া অভ্যসন বিদ্যালয় প্ৰাংগণত দিনজোৰাকৈ দিৱসতো পালিত হয়।

পুৱা পতাকা উত্তোলন,গছপুলি ৰোপণ, বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা , ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছত দুপৰীয়া অনুষ্ঠিত কৰা হয় মুকলি সভা।

প্ৰবীণ শিক্ষাবিদ, কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক গন্ধেশ্বৰ গগৈৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষা খণ্ডটোৰ জ্যেষ্ঠ সমল ব্যক্তি অখিল চন্দ্ৰ কলিতাই। ঢকুৱাখনা মহকুমা প্ৰতিবন্ধী সন্থাৰ সদস্য সুমিত্ৰ শইকীয়াই আঁত ধৰা ঢকুৱাখনা শিক্ষা খণ্ডৰ সমল ব্যক্তি সৌৰভ জ্যোতি পাঁচনিৰ সহযোগিতাত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গুনীন দত্তই। 

ঢকুৱাখনা মহকুমাৰ প্ৰায় ৯০ গৰাকী  প্ৰতিবন্ধী ব্যক্তি আৰু অভিভাৱকে অংশগ্ৰহণ কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাবে ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ অমল কুমাৰ দত্ত, বিশিষ্ট অতিথি হিচাবে হাৰ্হি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰতিমা চেতিয়া,আমন্ত্ৰিত অতিথি হিচাবে ডাংধৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৰুণা গোহাঁই আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ লখিমপুৰৰ মাণ্ডলিক কাৰ্য্যালয়ৰ সচিব ডেৰাজুল হুছেইনে বক্তব্য আগবঢ়াই। 

সভাৰ পূৰ্বে ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় । প্ৰতিবন্ধী সকলৰ নাৰ্য প্ৰাপ্য অধিকাৰ প্ৰাপ্তিৰ দাবী জনাই উলিওৱা শোভাযাত্ৰা উন্মোচন কৰে মহকুমা প্ৰতিবন্ধী সন্থাৰ সভাপতি শৰৎ চন্দ্ৰ বৰাই। সভাতেই ২১ গৰাকী  প্ৰতিবন্ধী শিশু যুৱকক প্ৰয়োজনীয় সহায়ক সঁজুলি বিতৰণ কৰা হয়  ।

ক্লিক কৰি পঢ়কঃ ঐতিহ্যমণ্ডিত কুজি সত্ৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...