লাইখুঁটা স্থাপন
লাইখুঁটা স্থাপন 
মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত সদৌ টাইড অপৃন কৌবাংৰ চতুৰ্থ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ  ঢকুৱাখনা মহকুমাৰ বৰ্ষামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সদৌ টাইড অপৃন কৌবাংৰ চতুৰ্থ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি।সেয়েহে দেওবাৰে এক বৰ্ণিল পৰিৱেশত মাংগলিক কাৰ্যসূচীৰ মাজেৰে উদ্যোগক্তা সকলে লাইখুঁটা স্থাপন কৰে।

উল্লেখ্য যে, অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি স্বকীয় লোক কৃষ্টি-সংস্কৃতিৰে উজ্জীৱিত হৈ  বসবাস কৰি অহা মিচিং জনগোষ্ঠীৰ অন্যতম বংশধৰ টাইড সকলৰ সৰ্বাংগীন উত্তৰণ বিকাশৰ লক্ষ্যৰে গঠিত সংগঠন সদৌ টাইড অপৃন কেবাঙৰ ৪ৰ্থ কেন্দ্ৰীয় অধিৱেশন সমাগত ২০২৩ বৰ্ষৰ ২৭,২৮ আৰু ২৯ জানুৱাৰীত ঢকুৱাখনাৰ বৰ্ষামুখ অঞ্চলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰে আজি এই অধিবেশনৰ লাই খুঁটা প্ৰতিষ্ঠা কৰা হয় বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে । 

সমিতিয়ে জনোৱা অনুসৰি, প্ৰায় ৩০ লাখ টকাৰ বাজেটেৰে অনুষ্ঠিতব্য সদৌ টাইড অপৃন কেবাঙৰ আজিৰ কাৰ্যসূচীত  কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ডা০ বিদেশ্বৰ টাইড,মানিক টাইড, সভাপতি ৰাজ কুমাৰ টাইড,সম্পাদক সঞ্জীৱ টাইডকে প্ৰমুখ্য  কৰি টাইড বংশৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত টাবুৰাম টাইড ক্ষেত্ৰত লাই খুঁটা স্থাপন কৰে গুমৰাগ ,ঐনিতমৰ  শ্ৰুতিমধুৰ সুৰৰ  মাজত  সদৌ টাইড অপৃন কৌবাংৰ প্ৰতিস্থাপক সভাপতি গজেন টাইডে ।

স্বগোষ্ঠীয় ধৰ্মীয় পৰম্পৰাৰ মাজত লাইখুঁটা স্থাপনৰ পিছতেই বৰ্ষমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত সদৌ টাইড অপৃন কেবাঙৰ কেন্দ্ৰীয় সমিতি আৰু অভ্যৰ্থনা সমিতিৰ  বিষয়ববীয়া সকলৰ এখন গুৰুত্বপূৰ্ণ সভাত মিলিত  হয়।সভাত কৌবাংৰ সভাপতি  টাইদে উক্ত দিনৰ কাৰ্যসূচীত স্ববংশীয় সকলৰ নিশ্চিত উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।

আৰু পঢ়কঃ তিনিচুকীয়া আৰক্ষীৰ অভিযানত ট্ৰাকৰ পৰা উদ্ধাৰ নগদ ২০ লাখ টকা...