মুখ্য-পৃষ্ঠা

প্ৰেৰণা! দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা ফাইটাৰ পাইলট হিচাপে নিৰ্বাচিত ছানিয়া...

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেশৰ প্ৰতি গৰাকী মহিলাৰে প্ৰেৰণা হওক ছানিয়া মিৰ্জা। ভাৰতীয় বায়ু সেনা (আইএএফ)ত যুঁজাৰু পাইলট হিচাপে নিৰ্বাচিত হোৱা দেশৰ প্ৰথম গৰাকী মুছলমান মহিলা ছানিয়া মিৰ্জা। উত্তৰ প্ৰদেশৰ জাছোভাৰ গাঁৱৰ বাসিন্দা ছানিয়া ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা আইএএফ পাইলট বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ছানিয়া মিৰ্জাই কয় যে "মই ফ্লাইট লেফটেনেণ্ট অৱনী চতুৰ্বেদীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলো তেওঁক দেখি মই এন ডি এত যোগদান কৰাৰ সিদ্ধান্ত লৈছিলো। মই আশা কৰোঁ যে যুৱ প্ৰজন্মই আগন্তুক সময়ত মোৰা দ্বাৰা অনুপ্ৰাণিত হ'ব''।

ছানিয়াৰ পিতৃ শ্বাহিদ আলীৰ মিৰ্জাপুৰৰ এজন টিভি মেকানিক। ছানিয়াৰ এই সফলতাত পৰিয়ালৰ লোক সকল যথেষ্ঠ সুখী বুলি কয়।

উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে আইএএফত মহিলা পাইলট নিযুক্তি দিয়াৰ পৰীক্ষামূলক আঁচনি স্থায়ী কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে মহিলাসকলক ২০১৫ চনত যুঁজাৰু পাইলট হিচাপে বায়ু সেনাত যোগদান কৰিবলৈ অনুমতি দিয়াত অনুমোদন জনাইছিল।

ফ্লাইট লেফটেনেণ্ট শিৱাংগী সিঙে গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশ গ্ৰহণ কৰাক পাছত চৰ্চালৈ আহিছিল মহিলা যুঁজাৰু পাইলটসকল। তেওঁ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশ লোৱা দ্বিতীয় গৰাকী মহিলা যুঁজাৰু পাইলট আছিল।

আৰু পঢ়ক: সাহিত্যিক-গৱেষক ড০ চৈয়দ আব্দুল আজিমৰ দেহাৱসান