মুখ্য-পৃষ্ঠা

নিউজীলেণ্ডৰ বিৰুদ্ধে আজি ভাৰতৰ প্ৰথম এদিনীয়া...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ২২ গজৰ যুঁজত বুধবাৰে ভাৰতীয় জাতীয় ক্ৰিকেট দল অৱতীৰ্ণ হ'ব কিৱি বাহিনীৰ বিৰুদ্ধে । ৩ খন এদিনীয়া শৃংখলাৰ প্ৰথম খন ক্ৰিকেট মেছ হায়দৰাবাদত অনুষ্ঠিত হ'ব । ভাৰতীয় ক্ৰিকেট দলৰ বাবে নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব লগীয়া এই মেচৰ পূৰ্বে আহিছে এক দু: খবৰ ।

সুন্দৰ ফৰ্মত থকা শ্ৰেয়াস আয়াৰ নাথাকিব ভাৰতীয় দলত । আঘাতৰ বাবে তেওৰ স্থানত খেলিব ৰজত পাটিদাৰে । ৩ খন এদিনীয়া মেছৰ দ্বীতিয় খন ২১ জানুৱাৰীত ৰায়পুৰত আৰু অন্তিমখন মেছ ২৪ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ'ব । তাৰ পাছতেই ২৭,২৯ আৰু ১ ফেব্ৰুৱাৰীত নিউজীলেণ্ডৰ বিৰুদ্ধে ৩ খন টি-২০ মেছ খেলিব ভাৰতীয় ক্ৰিকেট দলটোৱে ।