মুখ্য-পৃষ্ঠা

বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দল ব্যস্ত বাংলাদেশ ভ্ৰমণত। ঘৰুৱা দলটোৰ বিপক্ষে এদিনীয়া আৰু টেষ্ট শৃংখলাৰ বাবে আলহী দল ভাৰত উপস্থিত হৈছিল চুবুৰীয়া দেশখনত। ঘৰুৱা দলটোৰ বিৰুদ্ধে ভাৰতে এদিনীয়া শৃংখলা হেৰুৱাই যদিও প্ৰথমখন টেষ্টত দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে বিজয় সাব্য়স্ত কৰে।

মেচখনত ভাৰতে প্ৰথম ইনিংছত ৪০৪ ৰান কৰে। প্ৰথম ইনিংছত অভিজ্ঞ বেটছমেন পূজাৰা,শ্ৰেয়াছ আয়াৰ আৰু শেষৰ ফালে অশ্বিনে অৰ্ধশতক অৰ্জন কৰে। আনহাতে বাংলাদেশে ১৫০ ৰানতে প্ৰথম ইনিংছৰ যৱনিকা পেলায়। ভাৰতে পূজাৰা আৰু শুভমন গীলৰ শতকৰ সহায়ত ২৫৮ ৰানত দ্বিতীয় ইনিংছৰ সামৰে।

প্ৰত্যুত্তৰত বাংলাদেশে জয়ৰ বাবে ৫১৩ ৰানৰ লক্ষ্য আগত লৈ ৩২৪ ৰানত থমকি ভাৰতৰ হাতত পৰাজয়বৰণ কৰে। মেচখনত ভাৰতে ১৮৮ ৰানৰ ব্যৱধানত জয়লাভ কৰে।