ভাৰত-বাংলাদেশ টেষ্ট
ভাৰত-বাংলাদেশ টেষ্ট 
মুখ্য-পৃষ্ঠা

ভাৰত-বাংলাদেশ টেষ্টঃ প্ৰথম ইনিংছত ভাৰতৰ ৪০৪ ৰান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতে বাংলাদেশৰ বিপক্ষে এদিনীয়া শৃংখলা সামৰি বুধবাৰৰ পৰা আৰম্ভ হৈছে টেষ্ট শৃংখলা। ঘৰুৱা দলটোৰ বিপক্ষে ভাৰতীয় দলে এদিনীয়া শৃংখলাত পৰাজয়বৰণ কৰিলেও টেষ্ট শৃংখলাত কে এল ৰাহুল নেতৃত্বাধীন ভাৰতে পূৰ্ণশক্তিৰে খেলপথাৰত অৱতীৰ্ণ হৈছে।

প্ৰথম দিনাৰ ২৭৮ ৰানৰ পৰা খেলিবলৈ আৰম্ভ কৰা ভাৰতে আজি দ্বিতীয় দিনা ৪০৪ ৰানত প্ৰথম ইনিংছৰ সামৰণি মাৰে। দলৰ হৈ প্ৰথম ইনিংছত বিৰাট কোহলি,অধিনায়ক ৰাহুল ব্যৰ্থ হ'লেও নিৰ্ভৰযোগ্য বেটাৰ শ্ৰেয়াছ আয়াৰ ৮৬ আৰু পূজাৰাই ৯০ ৰান সংগ্ৰহ কৰে। আনহাতে দ্বিতীয় দিনা ৰবিচন্দ্ৰন অশ্বিনে অৰ্ধশতক অৰ্জন কৰি দলৰ ভেটি সুদৃঢ় কৰে।

আনহাতে বাতৰি লিখা পৰলৈকে বাংলাদেশে প্ৰথম ইনিংছ খেলিবলৈ আৰম্ভ কৰিছে। ঘৰুৱা দলটোৱে এতিয়ালৈকে ৩টা উইকেইটৰ বিনিময়ত ৪৯ ৰানত বেটিম কৰি আছে।