মুখ্য-পৃষ্ঠা

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাৰ বিশেষ আহ্বান...

Asomiya Pratidin

ডিজিটেল ডেস্ক : আধুনিক অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠাত অৰিহণা যোগোৱা হেমকোষৰ স্ৰষ্টা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসটো অসম সাহিত্য সভাৰ প্ৰতিখন জিলা সভা আৰু শাখা সাহিত্য সভাক পালনৰ অৰ্থে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই আহ্বন জনাইছে। এক প্ৰেছ বিবৃতি যোগে প্ৰধান সম্পাদক গৰাকীয়ে অৱগত কৰে যে, আজিৰ পৰা এশ পঁয়সত্তৰ বছৰ আগতে ভাষাৰ পণ্ডিত হেমচন্দ্ৰ বৰুৱাদেৱে অসমীয়া ভাষাৰ স্বভিমান ৰক্ষাৰ অৰ্থে যি নিৰলস প্ৰচেষ্টাকে অভিধান প্ৰণয়নৰ কামত হাত দি হেমকোষ ৰচনাৰে অসমীয়া ভাষাৰ ভেঁটি চিৰদিনলৈ সুৰক্ষিত কৰি গ'ল; সেই প্ৰচেষ্টা তেখেতৰ পৰিয়ালটেৱে ধাৰাবহিকভাৱে আগবঢ়াই অসমীয়া ভাষাৰ উন্নতি সাধনৰ প্ৰসংগত এক নীৰৱ আন্দোলন কৰি আহিছে।

এই ক্ষেত্ৰত দেৱানন্দ বৰুৱা, জয়ন্ত বৰুৱা আদি মহান অসম প্ৰাণ ব্যক্তিৰ নাম শ্ৰদ্ধাৰে সোঁৱৰে সম্পাদক গৰাকীয়ে। শেহতীয়াকৈ জয়ন্ত বৰুৱাৰ নেতৃত্বত সাদিন-প্ৰতিদিন গোষ্ঠীয়ে বৃহৎ আকাৰত হেমকোষৰ 'ব্ৰেইল সংস্কৰণ' প্ৰকাশ কৰি যি বিশ্ব অভিলেখ গঢ়িলে সেয়া স্বভামান আৰু গৌৰৱৰ বতৰা। লগতে তেওঁ অসম সাহিত্য সভা তৰফৰ পৰা হেমকোষৰ বিশ্বমুখী যাত্ৰালৈ আন্তৰিক অভিন্দন জ্ঞাপন কৰে।

অহা ১ মে' তাৰিখটো অসম মাতৃৰ সুযোগ্য সন্তান প্ৰাত:স্মৰণীয় হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস। সেয়ে এই দিৱসটি অসম সাহিত্য সভাৰ প্ৰতিখন জিলা সভা, শাখা সভাক পালনৰ বাবে প্ৰধান সম্পাদক গৰাকীয়ে আহ্বান জনায়। দিৱসটি পালনৰ প্ৰসংগত ছাত্ৰ-ছাত্ৰীৰ মাজত ভাষা জ্ঞান, শুদ্ধ বানানৰ ব্যৱহাৰ, অসমীয়া ভাষা-সাহিত্যলৈ হেমচন্দ্ৰ বৰুৱাৰ অৱদান শীৰ্ষক আদি কাৰ্যসূচী পালনৰ লগতে অসমীয়া ভাষা আৰু শুদ্ধ বানানৰ জ্ঞান থকা জিলা আৰু শাখা সভাৰ অন্তৰ্গত নিজ নিজ অঞ্চলৰ একোগৰাকী ব্যক্তিক যথাসম্ভৱ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনায়।