মুখ্য-পৃষ্ঠা

নিশা আঢ়ৈ বজাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ চৰকাৰী চিকিৎসালয়ত নিশাও ডিউটি কৰিব লাগিব জ্যেষ্ঠ চিকিৎসক সকলে..

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে নিশা ২.৩০বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় গুৱাহাটী চিকিতসা মহাবিদ্যালয় হস্পাতালত। নিশা উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ সকলো ব্যৱস্থাৰ সন্দৰ্ভত অধ্যক্ষৰ পৰা বুজ লোৱাৰ লগতে চিকিৎসক আৰু নাৰ্ছসকলৰ সৈতেও বাৰ্তালাপ কৰে।

নিশা চিকিৎসালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকী নিৰ্দেশ প্ৰদান কৰে যে, এতিয়াৰে পৰা চৰকাৰী সকলো চিকিৎসালয়ত নিশাও কৰ্তব্যত থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক সকল।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত আক্ষেপ প্ৰকাশ কৰি কয় যে, নিশা জ্যেষ্ঠ চিকিৎসক নাথাকে বাবে চৰকাৰী চিকিৎসালয়ত নিশা ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ বেছি৷ সেইবাবে এতিয়া নিশাও কৰ্তব্যত থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক৷

উল্লেখ্য যে, দেওবাৰে নিশা ২.৩০বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে জি এম চি এইচৰ মেডিচিন ভাণ্ডাৰ, অক্সিজেনৰ সন্দৰ্ভত বুজ লোৱাৰ লগতে চিকিৎসালয়খনৰ চি চি টিভিৰ ফুটেজৰ জৰিয়তে সামগ্ৰিক পৰিৱেশৰ বুজ লয়।