কাশ্মীৰ ফাইলছেই নহয় এক ডজন ভাৰতীয় ছবিলৈ অস্কাৰ !
কাশ্মীৰ ফাইলছেই নহয় এক ডজন ভাৰতীয় ছবিলৈ অস্কাৰ !  
মুখ্য-পৃষ্ঠা

কাশ্মীৰ ফাইলছেই নহয় এক ডজন ভাৰতীয় ছবিলৈ অস্কাৰ !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেই দিনমানৰ পূৰ্বে দেশত তীব্ৰ বিতৰ্ক সৃষ্টি কৰা 'দ্যা কাশ্মীৰ ফাইলছ' পুনৰ চৰ্চাৰ শীৰ্ষত। এইবাৰ বিতৰ্ক নহয়, দেশবাসীক গৌৰৱাম্বিত কৰিব পৰা এক বিষয়ক লৈ চৰ্চাৰ শীৰ্ষত 'দ্যা কাশ্মীৰ ফাইলছ' !

সকলো ঠিকেই থাকিলে 'দ্যা কাশ্মীৰ ফাইলছ' ছবিখনে দেশলৈ কঢ়িয়াই আনিব অস্কাৰ! হয়, অস্কাৰৰ দৌৰত আছে 'দ্যা কাশ্মীৰ ফাইলছ'। ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এই বিষয়ে টুইট কৰি জনাইছে।

তেওঁৰ মতে এইবাৰ 'দ্যা কাশ্মীৰ ফাইলছে' দেশলৈ অস্কাৰ কঢ়িয়াই আনিব। ইয়াৰ উপৰিও তেওঁ জনাইছে ছবিখনত অভিনয় কৰা পল্লৱী যোশী, মিথুন চক্ৰৱৰ্তী, দৰ্শন কুমাৰ আৰু অনুপম খেৰ সকলো অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ শ্ৰেণীৰ বাবে তালিকাভুক্ত হৈছে।

অৱশ্যে বিবেক অগ্নিহোত্ৰীয়ে কোৱাৰ দৰেই অস্কাৰ লাভ কৰাটো ইমান সহজ কথাও নহয়। এতিয়াও ছবিখনে অস্কাৰৰ বাবে চূড়ান্ত মনোনয়ন লাভ কৰা নাই। চূড়ান্ত মনোনয়নৰ পৰা এখোজ দূৰত আছে।

একাডেমীয়ে সংক্ষিত তালিকা অহা ২২ ডিচেম্বৰতহে প্ৰকাশ কৰিব। আনহাতে ১২ মাৰ্চ ২০২৩ ত প্ৰদান কৰা হ'ব অস্কাৰ। দৰাচলতে 'দ্যা কাশ্মীৰ ফাইলছ' অস্কাৰৰ বাবে মনোনিত প্ৰথম যোগ্যতাৰ তালিকাভুক্ত হোৱা ৩০১ খন ছবিৰ ভিতৰত এখন।

কেৱল 'দ্যা কাশ্মীৰ ফাইলছে'ই নহয়, ভাৰতৰ পৰা প্ৰায় এক ডজন ফিচাৰ ফিল্মে এই তালিকাত স্থান লাভ কৰিছে। তাৰ ভিতৰত শ্বেলো শ্ব' (অস্কাৰত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ), আৰ আৰ আৰ, কান্তাৰা, গঙ্গুবাই কাথিয়াৱাড়ী, ৰকেটৰী: দ্য নাম্বি ইফেক্ট, বিক্ৰান্ত ৰোনা আদি অন্যতম।