গুৱাহাটীবাসীৰ সুৰক্ষা নিশ্চিত কৰা অংগীকাৰ নতুন আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ...
গুৱাহাটীবাসীৰ সুৰক্ষা নিশ্চিত কৰা অংগীকাৰ নতুন আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ... 
মুখ্য-পৃষ্ঠা

গুৱাহাটীবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ অংগীকাৰ নতুন আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সৰ্বসাধাৰণৰ বাবে সুৰক্ষিত নহয় গুৱাহাটী মহানগৰ ! প্ৰতিদিনেই ইয়াত হত্যা, হিংসা, চোৰ, ডকাইতৰ ঘটনা সংঘটিত হৈ অহাৰ লগতে দিনক দিনে এইবোৰৰ প্ৰকোপ বৃদ্ধিহে পাইছে।

কোন সময়ত, কোনে মাজ ৰাস্তাত মূৰত পিষ্টল লগাই মহানাগৰিকৰ সৰ্বস্ব লৈ উধাও হয় তাৰো কোনো নিশ্চয়তা নাই। আনকি ঘৰৰ ভিতৰত থাকিলেও প্ৰতিনিয়ত সজাগ, সচেতন হৈ থাকিবলগীয়া হৈছে প্ৰতিজন লোক।

কোন সময়ত ঘৰৰ ভিতৰত চোৰ, ডকাইত প্ৰৱেশ কৰি, কাক হত্যা কৰি, কি লৈ যায় তাৰ কোনো নিশ্চয়তা নাই। মুঠতে মানুহ শান্তিৰে থাকিব নোৱাৰা এক পৰিৱেশ।

গুৱাহাটীত বৃদ্ধি পোৱা এই অপৰাধজনিত ঘটনাৰ মাজতে শেহতীয়াকৈ ৰাজ্যৰ গৃহ বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে দিগন্ত বৰাক গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব অৰ্পণ কৰিছে। এই মুহূৰ্তত সকলোৱে আশা কৰিছে নতুনকৈ দায়িত্ব লোৱা দিগন্ত বৰুৱাই অপৰাধ নগৰী হিচাপে পৰিচিত হৈ পৰা গুৱাহাটী মহানগৰীলৈ শান্তি ঘূৰাই অনাৰ লগতে প্ৰতিজন লোকৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পাৰিব।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে আজি প্ৰথমবাৰৰ বাবে দিগন্ত বৰাই সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলত তেওঁ গুৱাহাটীত বৃদ্ধি পোৱা নানান অপৰাধজনিত ঘটনাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ গুৱাহাটীত পূৰ্বতকৈ অধিক চেইন, গাড়ী আদি চোৰৰ সংখ্যা বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে।

তেওঁ এই সন্দৰ্ভত কয় যে, দিনক দিনে বৃদ্ধি পোৱা এনে চুৰি কাৰ্যই মহানগৰবাসীক ভয়া খোৱাইছে যদিও অপৰাধ ইমান বেছি বৃদ্ধি হোৱা নাই। গতিকে তেওঁ মহানগৰবাসীক ভয় নাখাবলৈ আহ্বান জনাইছে। তেওঁ কয়, চোৰকো কৰায়ত্ত কৰিছোঁ। এনে ঘটনা আৰু অধিক ৰোধ কৰিবলৈ আৰক্ষী সক্ষম হ'ব ।

তেওঁ কয়,গাড়ী চুৰি কাণ্ডও হৈছে। বহুক্ষেত্ৰত আমি চুৰি গাড়ী উদ্ধাৰ কৰিবলৈও সক্ষম হৈছো। এই সন্দৰ্ভত তেওঁ কয়, প্ৰায় ১৭ খনমান গাড়ী চোৰে নিছিল ইয়াৰে ৭খন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ।

তেওঁ গুৱাহাটী আৰক্ষী সদায় গুৱাহাটীবাসীৰ লগত আছে বুলি মন্তব্য কৰিছে। আনহাতে দিনক দিনে বৃদ্ধি পোৱা মুকলিকৈ পিষ্টল দেখুৱাই চুৰি, ডকাইতিৰ ঘটনা সন্দৰ্ভত কয়, অবৈধভাৱে লোৱা পিষ্টল ক'ৰ পৰা আহিছে সেই সন্দৰ্ভত তদন্ত কৰা হ'ব।

তেওঁ নিশাৰ গুৱাহাটীৰ পেট্ৰ'লিং অধিক কাঢ়া কৰা হ'ব বুলিও জনাইছে। যিকোনো ইমাৰজেঞ্চীৰ সময়ত ১১২ নম্বৰটোত ডাইল কৰিবলৈ আহ্বান জনাইছে। আনহাচে গুৱাহাটীৰ ভাৰাতীয়াসকলৰ প্ৰতি মালিকপক্ষক নজৰ ৰাখিবলৈ কৈ তেওঁ ভাৰাতীয়াৰ ওপৰত সন্দেহ উপজিলে আৰক্ষীক অৱগত কৰাৰ আহ্বান জনাইছে।

আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মেল সম্বোধন কৰা দিগন্ত বৰাৰ লগত এই সংবাদ মেলত উপস্থিত থাকে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত।