মুখ্য-পৃষ্ঠা

গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব কেজৰিৱালৰ পত্নীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে গুজৰাটৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিব আম আদমী পাৰ্টীয়ে। প্ৰাপ্ত তথ্য সূত্ৰ অনুসৰি, অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত তেওঁৰ পত্নী সুনীতা কেজৰিৱালে গুজৰাটত আপ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব পাৰিব। এইবাৰ আম আদমী পাৰ্টিয়ে গুজৰাটৰ দুখন লোকসভা আসন ভাৰুচ আৰু ভৱনগৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আগন্তুক ৭ মে'ত গুজৰাটত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

গুজৰাটৰ ভাৰুচ আসন সন্দৰ্ভত বিগত কিছুদিন ধৰি আপ আৰু কংগ্ৰেছৰ মাজত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰবীণ কংগ্ৰেছ নেতা প্ৰয়াত আহমেদ পেটেলৰ পুত্ৰ ফৈছাল পেটেল আৰু কন্যা মুমতাজ পেটেলে এই আসন আম আদমীক দিয়াৰ বিৰোধিতা কৰিছিল। ফৈছাল পেটেলে কৈছিল যে, যদি এই আসন আম আদমী পাৰ্টিয়ে পায়, তেন্তে তেওঁ আৰু স্থানীয় কংগ্ৰেছ কৰ্মীয়ে আপ প্ৰাৰ্থীক সমৰ্থন নকৰে।

ফৈছাল পেটেলৰ বিৰোধিতা সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে,'সকলো পৰিস্থিতি বুজি পোৱাৰ পিছত আৰু দুয়োটা দলৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। মোৰ বিশ্বাস যে কংগ্ৰেছৰ প্ৰতিগৰাকী কৰ্মীয়ে এই সিদ্ধান্তক সন্মান কৰিব আৰু আম আদমী পাৰ্টিৰ কৰ্মীয়েও এই সিদ্ধান্ত মানি ল'ব।' উক্ত আসনত কংগ্ৰেছৰ পৰা ফৈছাল আৰু তেওঁৰ ভগ্নী মুমতাজক প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল।