মুখ্য-পৃষ্ঠা

বিত্তীয় সংকট : বাতিল কৰা হৈছে ৩-৪ মে'ৰ কেইবাখনো বিমান...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিত্তীয় সংকটত গ'-ফাৰ্ষ্ট বিমান। যাৰ বাবে বাতিল কৰা হৈছে ৩ আৰু ৪ মে'ৰ গ'-ফাৰ্ষ্টৰ সকলো বিমান। এয়াৰলাইনটোৱে এই সিদ্ধান্ত অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ক অৱগত কৰাৰ লগে লগে যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।

পি এণ্ড ডব্লিউৰ দ্বাৰা ইঞ্জিন যোগান নধৰাৰ বাবে গ'-ফাৰ্ষ্টে বিত্তীয় সংকটৰ সন্মুখীন কথা প্ৰকাশ কৰিছে। যাৰ ফলত ২৮ খন বিমান চলাচল স্থগিত ৰাখিবলৈ বাধ্য হৈছে কৰ্তৃপক্ষই। উল্লেখ্য যে, কোম্পানীটোৰ পৰিচালন সঞ্চালকে এনচিএলটিৰ আগত বিত্তীয় সমস্যাৰ স্বেচ্ছামূলক সমাধান প্ৰক্ৰিয়াৰ বাবে আবেদন দাখিল কৰিছে।

ইপিনে বিমান কোম্পানীটোয়ে হঠাৎ গ্ৰহণ কৰা এনে সিদ্ধান্তৰ বাবে বিপদত পৰিছে যাত্ৰীসকল। যাত্ৰাৰ মাত্ৰ এদিন পূৰ্বে কোম্পানীটোয়ে বাতিল কৰা বিমানৰ বাবে আন আন বিমানতো টিকত নোপোৱাৰ কথা প্ৰকাশ কৰে বহু যাত্ৰীয়ে। তদুপৰি কোম্পানীটোৰ এনে সিদ্ধান্তত ক্ষোভিত হৈ পৰি টুইটাৰত মত প্ৰকাশ একাংশ যাত্ৰীৰ। আনহাতে জৰুৰীকালীনভাবে বিমান টিকত ক্ৰয় কৰিবলগীয়া হোৱাত দুগুণ দাম দিব লগীয়া হোৱাৰ কথাও প্ৰকাশ কৰিছে যাত্ৰীসকলে।