নিহত যুৱতীগৰাকী
নিহত যুৱতীগৰাকী 
মুখ্য-পৃষ্ঠা

প্ৰেমিকৰ সৈতে ৰাস চাবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰেয়সীৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ,আন্ধেৰীঘাটঃ প্ৰেমিকৰ সৈতে ৰাস চাবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰেয়সীৰ মৃত্যু। এই ঘটনা সংঘটিত হৈছে আন্ধেৰীঘাটত। জানিব পৰা অনুসৰি ১৮ নৱেম্বৰৰ নিশা প্ৰেমিকৰূপী উদণ্ড যুৱকৰ সৈতে খৈৰাবাৰীত ৰাস চাবলৈ গৈ উভতি অহা পথত বাইক দুৰ্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যু হয়।

তাক কেন্দ্ৰ কৰি দেওবাৰে আন্ধেৰীঘাটত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শতাধিক লোকে আন্ধেৰীঘাটৰ সমীপৰ বামুনঝাৰৰ প্ৰেমিক ৰাহুল বড়োৰ ঘৰত উপস্থিত হৈ নিজৰ চোতালত শাস্তি প্ৰদান কৰি পৰিস্থিতি উত্তাল কৰি তোলে। ইফালে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।প্ৰেমিক ৰাহুল বড়ো আৰু ৰাহুলৰ বন্ধু চক্ৰধৰ বড়োক উত্তেজিত ৰাইজে আৱদ্ধ কৰে।

আনহাতে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি বুঢ়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও উত্তেজিত ৰাইজক সৈমান কৰিব নোৱাৰি শীৰ্ষ আৰক্ষী বিষয়াৰ সহায় লয়। পিছত দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

জানিব পৰা অনুসৰি খৈৰাবাৰী থানা এলেকাৰ কাৱৈমাৰী গাঁৱৰ বিবাৰী বড়ো নামৰ যুৱতীগৰাকীক ১৮নৱেম্বৰৰ নিশা শোৱা পাটিৰ পৰা ৰাহুলে ফোনযোগে মাতি খৈৰাবাৰী ৰাস দেখুওৱাবলৈ বুলি লৈ যায়। নিশা ১২ বজাৰ পিছত উভতাৰ পথত আন্ধেৰীঘাটত সংঘটিত হয় পথ দুৰ্ঘটনা। নিশাই বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত যুৱতীগৰাকীক ভৰ্তি কৰাই যদিও শনিবাৰে চিকিৎসাধীন অৱস্থাত যুৱতীগৰাকীৰ মৃত্যু হয়।

অভিযুক্ত প্ৰেমিক ৰাহুল

যুৱতীগৰাকীৰ মৃত্যুৰ পিছত চিকিৎসালয়ৰ পৰা ধনৰ অভাৱত মৃতদেহ আনিব নোৱাৰি স্থানীয় লোক আৰু যুৱতী গৰাকীৰ আত্মীয়সকল আহি বামুণঝাৰৰ ৰাহুল বড়োৰ ঘৰ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। আৰক্ষীৰ উপস্থিতিত দুয়োখন গাঁৱৰ নেতৃত্বই এক চুক্তি সম্পাদন কৰে। চুক্তি অনুসৰি নিহত যুৱতীৰ পৰিয়ালক আদ্যশ্রাদ্ধ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবদ দুই কিস্তিত ৪ লাখ টকা অভিযুক্তৰ পৰিয়ালে আদায় দিব লাগিব। এই চুক্তিৰ পিছতেহে সাময়ীকভাৱে পৰিস্থিতি শাম কাটে।

উল্লেখ্য যে, নিহত যুৱতীৰ মৃতদেহ মৰণোত্বৰ পৰীক্ষাৰ বাবে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত এজন বাংলাদেশী গ্ৰেপ্তাৰ...