কাছাৰত নৈশ বাছৰ পৰা গাঞ্জা জব্দ
কাছাৰত নৈশ বাছৰ পৰা গাঞ্জা জব্দ 
মুখ্য-পৃষ্ঠা

কাছাৰত নৈশ বাছৰ পৰা গাঞ্জা জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰঃ নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰে ৷ বৃহস্পতিবাৰে নিশা শিলচৰ- হাফলং- গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত এখন নৈশ বাছত আৰক্ষীয়ে তালাচী তলাই জব্দ কৰে বুজণ পৰিমাণৰ গাঞ্জা ৷

আৰক্ষীয়ে জনোৱা অনুসৰি AS10AC- 2941 নম্বৰৰ কৰিমগঞ্জ-গুৱাহাটী অভিমুখী নৈশ বাছ খনৰ পৰা জব্দ কৰে ২৪ কিলোগ্ৰাম গাঞ্জা ৷ ত্ৰিপুৰাৰৰ চোনামুৰাৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ সময়ত বৰখলা থানাৰ আৰক্ষীৰ তালাচীত জব্দ কৰে গাঞ্জাখিনি ৷

উল্লেখ্য যে, গাঞ্জাৰ সৈতে সৰবৰাহকাৰী ত্ৰিপুৰা চোনামুৰাৰ দীনম ওৰফে চানু দত্ত আৰু বাছৰ চালক কৰিমগঞ্জৰ চৰিছাৰ নজমুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জব্দ কৰা গাঞাখিনিৰ মুল্য ২ লাখ টকা হ'ব বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

আৰু পঢ়কঃ অভিনেতা অনুপম খেৰে আবৃত্তি কৰিলে "লাচিত" শীৰ্ষক কবিতা...