কোকৰাঝাৰত কাৰ্যবাহী সদস্য আৰু পাৰিষদ আৱাসৰ বিল্ডিং নিৰ্মাণৰ ভূমি পূজন সম্পন্ন...
কোকৰাঝাৰত কাৰ্যবাহী সদস্য আৰু পাৰিষদ আৱাসৰ বিল্ডিং নিৰ্মাণৰ ভূমি পূজন সম্পন্ন... 
মুখ্য-পৃষ্ঠা

কোকৰাঝাৰত কাৰ্যবাহী সদস্য আৰু পাৰিষদ আৱাসৰ বিল্ডিং নিৰ্মাণৰ ভূমি পূজন সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী হৰিণাগুৰীত বি টি চিৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ বাবে দুটাকৈ G +5 আৱাসগৃহ নিৰ্মান কাৰ্যৰ আজি ভূমি পূজন অনুষ্ঠিত হয় ৷ উক্ত ভূমি পূজনত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োসহ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু পাৰিষদে অংশগ্ৰহণ কৰে ।

ভূমি পূজনৰ অন্তত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে, আগন্তক দুটা বৰ্ষৰ ভিতৰতে বি টি চিৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ বাবে G+5 আৱাসগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব। ইয়াৰোপৰি হৰিণাগুৰীৰ বৃহত্তৰ বাওখুংগ্ৰী অঞ্চলক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ় দিয়া হ'ব আৰু হৰিণাগুৰীতে কোকৰাঝাৰ বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব বুলি সদৰি কৰিছে প্ৰমোদ বড়োৱে ৷

উল্লেখ্য যে, কোকৰাঝাৰৰ হৰিণাগুৰীত ৫২ কোটি ৩০ লাখ ৬৫ হেজাৰ ৮০০ টকাৰে ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া কাৰ্যবাহী সদস্যৰ আৱাসগৃহ আৰু ৪৭ কোটি ৬৫ লাখ ৪ হেজাৰ টকাৰ ব্যায়ৰে নিৰ্মাণ হ'বলগীয়া পাৰিষদৰ আৱাসগৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে বি টি চিৰ এটা ডাঙৰ অভাৱ পূৰণ হ'ব আৰু প্ৰমোদ বড়ো চৰকাৰৰ বাবে ই এক মাইলৰ খুঁটি বুলি বিবেচিত হৈ ৰ'ব ।