মুখ্য-পৃষ্ঠা

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ শেষ নিশ্বাস ত্যাগ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ মৃত্যু। ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। নেতা জনৰ মৃত্যুৰ খবৰ তেওঁৰ জীয়ৰী শুভাসিনী শৰদ যাদৱে নিশ্চিত কৰে। যাদৱক অচেতন অৱস্থাত হাস্পাতাললৈ নিয়া হৈছিল আৰু নিশা প্ৰায় ১০.১৯ বজাত তেওঁক চিকিৎসকে মৃত ঘোষণা কৰিছিল।

শৰদ যাদৱৰ মৃত্যুই ৰাজনৈতিক ক্ষেত্ৰখনত শোকস্তব্ধ কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।নেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তাৰোপৰি আৰু বহু কেইগৰাকী নেতাই শোক ব্যস্ত কৰে।

উল্লেখ্য যে, ২০ মাৰ্চ, ২০২২ ত শৰদ যাদৱৰ লোকতান্ত্ৰিক জনতা দল, ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে একত্ৰিত হৈছিল। জনতা দল (ইউ)ৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পৰা বিচ্ছেদ হোৱাৰ পিছত তেওঁ নিজৰ দল গঠন কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল।

২০১৯ ৰ লোকসভা নিৰ্বাচনত আৰজেডিৰ পৰা তেওঁ প্ৰতিদ্বন্দিতা কৰিছিল।অন্যহাতে তেওঁৰ কন্যাই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

শৰদ যাদৱ তিনি বাৰকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰোপৰি ৭ বাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ-কন্যাক এৰি থৈ যায়।

আৰু পঢ়ক: সৰ্বভাৰতীয় স্তৰত ক্ৰীড়াত লামডিঙৰ সংগীতা বৰুৱাই কঢ়িয়াই আনিলে সোণ আৰু ব্ৰঞ্জৰ পদক