ৰাস্কিন বণ্ডে উন্মোচন কৰিলে মনোজ কুমাৰ গোস্বামীৰ নতুন গল্প সংকলন
ৰাস্কিন বণ্ডে উন্মোচন কৰিলে মনোজ কুমাৰ গোস্বামীৰ নতুন গল্প সংকলন 
মুখ্য-পৃষ্ঠা

কিম্বদন্তী লেখক ৰাস্কিন বণ্ডে উন্মোচন কৰিলে মনোজ কুমাৰ গোস্বামীৰ নতুন গল্প সংকলন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ গল্প সংকলন 'মাপেট এণ্ড আডাৰ ষ্টৰীজ' উন্মোচন কৰিলে কিম্বদন্তী সাহিত্যিক ৰাস্কিন বণ্ডে। মুছৌৰীত এই গ্ৰন্থ উন্মোচন কৰি ৰাস্কিন বণ্ডে কয়, "পৰিৱেশ সলনি হ'ব, কিন্তু যদি এজন লেখকে পাঠকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পৰা কাহিনী ক'বলৈ সক্ষম হয়, তেন্তে সেই কাহিনীবোৰে পাঠক বিচাৰি পাব।"

কেইবাটাও দশক ধৰি অসমীয়া সাহিত্যক গল্প চৰ্চাৰে সমৃদ্ধ কৰা মনোজ কুমাৰ গোস্বামীৰ গ্ৰন্থখন উন্মোচন কৰি কিম্বদন্তী সাহিত্যিকগৰাকী আনন্দিত হৈ পৰে। তেওঁ কয়, "মনোজ কুমাৰ গোস্বামীৰ চুটি গল্পৰ কিতাপখন মুকলি কৰি মই আনন্দিত। মই নিশ্চিত যে, ইয়াৰ জৰিয়তে তেওঁ আৰু বহু পাঠক লাভ কৰিব আৰু তেওঁৰ পাঠকসকলক সন্তুষ্ট কৰিব।"

উল্লেখ্য যে, দেওবাৰে ৰাস্কিন বণ্ডৰ মুছৌৰীস্থিত বাসগৃহত গোস্বামীৰ এই নৱতম গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে সুলেখক গৌতম বৰা, বি বি চিৰ সাংবাদিক শচীন গগৈ।