ঢকুৱাখনাত চোৰাং গোধনসহ ৫ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
ঢকুৱাখনাত চোৰাং গোধনসহ ৫ সৰবৰাহকাৰী গ্ৰেপ্তাৰ  
মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত চোৰাং গোধনসহ ৫ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  এইবাৰ ঢকুৱাখনা আৰক্ষীৰ জালত পৰিছে এক চোৰাং গো ধন সৰবৰাহকাৰী অসৎ চক্ৰ।  ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত লাটিবৰ চুকত অভিযান চলাই আৰক্ষীয়ে ২১ টাকৈ চোৰাং ভাবে সৰবৰাহ কৰা গোধন সহ ৫ টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে বুধবাৰে পুৱা ৩-১৫ বজাত ৫ গৰাকী ব্যক্তিয়ে ৰাজ পথেৰে মুঠ ২১ টা পশুধন  মাজুলীৰ দিশে খেদি নি আছিল । এনেতে সোনাৰী চাপৰি আৰক্ষী চকীৰ তহলদাৰী আৰক্ষী চামচুদ্দিন আহমেদৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে প্ৰত্যক্ষ কৰি সন্দেহবশতঃ সোধা পোছা কৰাত অসৎ পদ্ধতিৰে পশু ধনসমূহ সৰবৰাহ কৰাটো পোহৰলৈ আহে ।

পাছত সোনাৰী চাপৰি আৰক্ষী চকীলৈ পশুধনসহ সৰবৰাহকাৰী কেইটাক নি এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ (নং-১৯৯/২০২২) পঞ্জীয়ন কৰে। ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৪১১/আৰ ডব্লিউ /আচাম কেটল প্ৰিজার্ভেছন আইনৰ ১১(ডি)/ ১৩ (১)  আধাৰত  ক্ৰমে সোনাৰী চাপৰি অঞ্চলৰ লাটিবৰ চুক গাঁওৰ মটিলাল দলেৰ পুত্ৰ মাধৱ দলে, কোগেন দলেৰ পুত্ৰ তৰুণ দলে, প্ৰয়াত শৈলেন দলেৰ পুত্ৰ দেৱজিত দলে,মাজুলীৰ মহৰী চুক গড়মূৰৰ  লিলি দলে আৰু গোলাঘাট জিলাৰ দেৰগাঁৱৰ দিছৈ চাৰি আলিৰ প্ৰয়াত চুৰৱান আলিৰ পুত্ৰ আমৰুত আলিক গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

উদ্ধাৰ কৰা পশু ধনসমূহ সোনাৰী চাপৰি আৰক্ষী চকীৰ জিম্মাত ৰাখি আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।