একালৰ বিদ্ৰোহী, বৰ্তমানৰ বিটিচিৰ কাৰ্যবাহী সদস্যৰ বি ফেৰঙ্গাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...
একালৰ বিদ্ৰোহী, বৰ্তমানৰ বিটিচিৰ কাৰ্যবাহী সদস্যৰ বি ফেৰঙ্গাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ... 
মুখ্য-পৃষ্ঠা

একালৰ বিদ্ৰোহী, বৰ্তমানৰ বিটিচিৰ কাৰ্যবাহী সদস্য বি ফেৰঙ্গাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত খুংগ্ৰীঙত শুকুৰবাৰে নিশা সংৰক্ষিত বনাঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হয় । বনসুৰক্ষা কৰ্মীৰ গুলীত এজন যুৱক গুৰুতৰভাৱে আহত হয় ।

আহত যুৱকজনক খুংগ্ৰীঙৰ বেনামিন বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে । উৰুত গুলীবিদ্ধ হৈ আহত হোৱা বেনামিন বসুমতাৰীক নিশাৰ ভিতৰতে কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

ইপিনে বনকৰ্মীৰ গুলীত আহত বেনামিন বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যই সমগ্ৰ গুলীচালনাৰ ঘটনাক এক ৰহস্যৰ আৱৰ্তত ঠেলি দিছে । বেনামিন বসুমতাৰীৰ মতে শুকুৰবাৰ নিশা গাঁৱৰ নৈত মাছ ধৰি উভতি অহাৰ সময়তে বি, ফেৰেঙ্গাৰ এনজিঅ'ৰ মানুহে তেখেতলৈ লক্ষ্য কৰি গুলীচালনা কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

লক্ষ্যনীয় বিষয় যে, যি গৰাকী বি, ফেৰেঙ্গাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে তেওঁ আন কোনো নহয় একালৰ বিদ্ৰোহী সংগঠনৰ এন ডি এফ বিৰ শীৰ্ষ নেতা তথা বৰ্তমানৰ বি টি চিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী। গুলীত আহত বেনামিন বসুমতাৰীৰ এই গুৰুতৰ অভিযোগ খণ্ডন কৰি চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে, খুংগ্ৰীং সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং কাঠ সৰবৰাহ হোৱাৰ এক গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ বনকৰ্মী আৰু এনজিঅ'ৰ এটা সাতজনীয়া দলে অভিযান চলাইছিল।

সেই সময়তে চোৰাং কাঠৰ সৰবৰাহকাৰী চক্ৰই অভিযানকাৰী বনবিভাগৰ লোকক আক্ৰমণ কৰে আৰু সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ বনসুৰক্ষা কৰ্মীয়ে মুঠ ৬ জাঁই গুলী নিক্ষেপ কৰে। তাৰে এটা গুলী বেনামিন বসুমতাৰীৰ উৰুত আঘাত কৰাত বেনামিন বসুমতাৰীক চিকিৎসাৰ বাবে কাজলগাঁৱৰ জেএছবি চিকিৎসালয়ত ভৰ্তি কৰে।

কিন্তু গুলীচালনাৰ ঘটনাক লৈ দুটা পক্ষৰ পৰস্পৰৰ বিৰোধী অভিযোগ প্ৰতি অভিযোগে সমগ্ৰ ঘটনাক গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে । বনবিভাগৰ পৰা ইতিমধ্যে ৰুণীখাতা থানাত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ।