মুখ্য-পৃষ্ঠা

শিক্ষাৰ নামত অহা ১৩ কোটিৰ অপব্যৱহাৰ! সমাজ কৰ্মী মেধা পাটকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু…

asomiyapratidin

ডিজিটেল ডেস্ক: সমাজকৰ্মী তথা নৰ্মদা বচাও আন্দোলনৰ প্ৰতিষ্ঠাপক মেধা পাটকাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। নৰ্মদা উপত্যকাৰ  জনজাতীয় শিশুসকলৰ শিক্ষাৰ নামত সংগ্ৰহ কৰা পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগত সমাজকৰ্মী গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৪২০ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

মধ্য প্ৰদেশৰ বৰৱানী জিলাত মেধা পাটকাৰ আৰু আন ১১ জন লোকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বাবে এই গোচৰ ৰুজু হৈছে। অভিযোগ অনুসৰি শিশুৰ শিক্ষাৰ নামত সংগ্ৰহ কৰা ১৩ কোটি টকা মেধা পাটকাৰে অপব্যৱহাৰ কৰিছে।

লগতে অভিযোগ উত্থাপন হৈছে যে নৰ্মদা নৱনিৰ্মাণ অভিযান ন্যাসে সংগ্ৰহ কৰা ধন দেশ বিৰোধী কাৰ্যকলাপত পুঁজি যোগান ধৰাত ব্যৱহাৰ কৰা হৈছিল। এজাহাৰখনত অভিযোগকাৰীয়ে ইয়াৰ বিষয়ে অনুসন্ধানৰ বাবে অনুৰোধ জনাইছে।

লগতে কৈছে যে ট্ৰাষ্টে জনজাতীয় দৰিদ্ৰ আৰু তেওঁলোকৰ শিক্ষাৰ বাবে ২০০৭ চনৰ পৰা ২০২২ চনলৈ সংগ্ৰহ কৰা সকলো ধনৰ হিচাপ প্ৰদান কৰা নাছিল। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।