একক, অনন্য কাটাৰ ! ৯০ মিনিটৰ যুদ্ধৰ বাবে সাজু বিশ্ব
একক, অনন্য কাটাৰ ! ৯০ মিনিটৰ যুদ্ধৰ বাবে সাজু বিশ্ব 
মুখ্য-পৃষ্ঠা

একক, অনন্য কাটাৰ ! ৯০ মিনিটৰ যুদ্ধৰ বাবে সাজু বিশ্ব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মৰুৰ দেশ কাটাৰত সাজু মহাযুদ্ধা। মাজত মাত্ৰ কেইটামান সময়। তাৰ পিছতেই আৰম্ভ হ'ব সৰ্বশ্ৰেষ্ঠত্ব অৰ্জনৰ যুঁজ। শ্ৰেষ্ঠত্বৰ ৯০ মিনিটৰ এই মহাযুদ্ধ প্ৰত্যক্ষ কৰিবলৈ সাজু সমস্ত ব্ৰহ্মাণ্ড।

আজি সকলোৰে দৃষ্টি কাটাৰলৈ। বচা বচা ৩২ টা দলৰ মাজত আজিৰে পৰা কাটাৰত আৰম্ভ হ'ব মহাযুদ্ধ। পূৰ্বে অনুষ্ঠিত হৈ যোৱা আটাইবোৰ ফিফা বিশ্বকাপতকৈ বহু পৃথক এইবাৰৰ বিশ্বকাপ।

সেয়া বিতৰ্কই হওক বা আন দিশ বোৰেই হওক। পূৰ্বে ফিফাই অনুষ্ঠিত কৰা ২১ খন বিশ্বকাপেই অনুষ্ঠিত হৈছিল জুন-জুলাই মাহত। কিন্তু মৰুৰ দেশৰ অত্যাধিত উত্তাপৰ কথা চিন্তা কৰিয়েই এইবাৰৰ বিশ্বকাপ প্ৰতিযোগিতাখন নৱেম্বৰ-ডিচেম্বৰলৈ লৈ যোৱা হ'ল।

১৯৩০ চনত প্ৰথমবাৰৰ বাবে এই মহাৰণ আৰম্ভ হৈছিল উৰুগুৱেত। শ্ৰেষ্ঠ হিচাপে সেই বাৰ বিশ্বৰ আগত সগৌৰৱে থিয় দিছিল আয়োজক উৰুগুৱে। ১৯৪২ আৰু ১৯৪৬ ত স্তব্ধ হৈছিল এইখন মহাৰণ। গুলী,বাৰদু, আনৱিক বোমাৰে বিশ্বত হোৱা আন দুখন ৰক্তাক্ট যুদ্ধৰ বাবেই বন্ধ হৈছিল দুভৰিৰ যুঁজ। বাতিল হৈছিল পদ শিল্পৰ সেই ৯০ মিনিটৰ শ্বাসৰুদ্ধকৰ যুদ্ধ।

বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত পুনৰ ৪ বছৰৰ অন্তৰে অন্তৰে ধাৰাবাহিক ভাৱে আৰম্ভ হ'ল পদশিল্পৰ এই মহাযুদ্ধ। প্ৰতিবাৰেই এই যুদ্ধত আত্মপ্ৰকাশ হৈ আহিছে মহাযুদ্ধাৰ। বিশ্বৰ সন্মুখত মূৰ তুলি থিয় হৈছে নতুন নতুন যুদ্ধা। সমান্তৰালকৈ প্ৰতিবাৰেই ৰণত পৰিছে মহাতাৰকা, বিশ্ব বিশ্ৰুত পদশিল্পৰ শিল্পকাৰ।

ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়া ৭-৩০ বজাত কাটাৰৰ দোহাৰ পৰা ৪০ কিলিমিটাৰ নিলগৰ আল-ৱেইট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব উদ্বোধনী মেচ। কাটাৰৰ স্থানীয় সময় অনুসৰি ৯-৩০ বজাত হ'ব বিশ্বকাপৰ শুভ উদ্বোধন।

কাটাৰে প্ৰথমবাৰৰ বাবে আয়োজনৰ সুবিধা পোৱা এই বিশ্বকাপ প্ৰতিযোগিতাখন একক আৰু অনন্য হিচাপে ইতিহাসৰ সোণালী পৃষ্ঠাত লিখি ৰাখিবলৈ চেষ্টাত কোনো অৱহেলা কৰা নাই। খৰছৰ হিচাপত এই পৰ্যন্ত ফিফাৰ আটাইকেইখন বিশ্বকাপ এফালে আৰু কাটাৰ বিশ্বকাপ এফালে।

উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ দক্ষিণ কোৰিয়াৰ বেণ্ড বি টি এছ। বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান বি টি এছ সদস্য জাংকুকে প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰিব। থাকিব বলিউডৰ সুন্দৰী নোৰা ফাতেহী। অনুষ্ঠানৰ পিছতে ৯০ মিনিটৰ যুঁজৰ বাবে নামিব কাটাৰ আৰু ইকুৱেডৰ।

কাটাৰে উদ্বোধনী অনুষ্ঠানত অনুষ্ঠান পৰিৱেশনৰ বাবে মাতিছে আমেৰিকান বেণ্ড ব্লেক আইড পিজ, কলম্বিয়ান গায়ক জে বালভিন, নাইজেৰিয়ান গায়ক পেট্ৰিক নানেমেকা ওকোৰি আৰু আমেৰিকান ৰেপাৰ লিল বেবীকো। মুঠতে বিশ্বৰ দৃষ্টি যাতে আজি কোনো কাৰণতে কাটাৰৰ পৰা আঁতৰ নহয় তাৰ বাবে আগতীয়াকৈ কৰি থৈছে এই পৰিকল্পনা। মনত ৰাখিব ৭-৩০ বজাৰ পৰা আপোনাৰ দৃষ্টি কাঢ়িবলৈ সাজু কাটাৰ।