প্ৰাক্তন ছাত্ৰ নেতা চন্দ্ৰ চাংমাইৰ মৃত্যু
প্ৰাক্তন ছাত্ৰ নেতা চন্দ্ৰ চাংমাইৰ মৃত্যু 
মুখ্য-পৃষ্ঠা

প্ৰাক্তন ছাত্ৰ নেতা চন্দ্ৰ চাংমাইৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজিঃ প্ৰাক্তন ছাত্ৰ নেতা চন্দ্ৰ চাংমাইৰ মৃত্যু। ধেমাজি নগৰৰ ৪ নম্বৰ ৱাৰ্ডৰ নিবাসী তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক চন্দ্ৰ চাংমাই (৫৪) চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়ত মঙ্গলবাৰে বিয়লি মৃত্যু হোৱা খবৰে ধেমাজিত গভীৰ শোকৰ ছাঁ পেলাইছে ৷

উল্লেখ্য যে যোৱা ১০ জানুৱাৰীত ঘৰতে থকা অৱস্থাতেই হঠাতে প্ৰেচাৰ ষ্ট্ৰোক হৈ অসুস্থ হয়। লগে লগেই পৰিয়ালৰলোকে ধেমাজিৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰে ৷ বিগত এক সপ্তাহ ধৰি চিকিৎসাধীনৰ অন্তত মঙ্গলবাৰে বিয়লি প্ৰায় ৩-৩০ বজাত প্ৰাক্তন ছাত্ৰ নেতা চাংমাইয়ে এই পৃথিৱীৰ পৰা বিদায় লয়।

ছাত্ৰ নেতা চাংমাইৰ নশ্বৰদেহ সন্ধিয়া ৬.৩০ বজাত ধেমাজি নগৰৰ ভদ্ৰপৰাস্থিত নিজ বাস গৃহ আহি পোৱাৰ পিছতেই অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ প্ৰাক্তন ছাত্ৰ নেতা চাংমাই মৃতদেহ ধেমাজি আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থাই ছাত্ৰ সন্থাৰ কাৰ্য্যালয় তথা ছহীদ উদ্যানলৈ নি প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

আনহাতে সন্ধিয়া প্ৰায় ৭-৩ ০ বজাত তেওঁৰ মৃতদেহ জন্মস্থান বুটিকোৰ বৰঢেকেৰা চাংমাইবাৰী গাঁৱলৈ লৈ যোৱা হয় ৷ ছাত্ৰ সন্থা ,সন্থাৰ প্ৰাক্তন কৰ্মীৰ লগতে অঞ্চলৰ গুনমুগ্ধৰ উপস্থিতিত নিশা প্ৰায় ৯ বজাত প্ৰয়াত প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পূৰ্ণ কৰে ৷

১৯৬৮ চনৰ ২৮ অক্টোবৰত জন্মগ্ৰহন কৰা চাংমাইয়ে ধেমাজিতে শিক্ষা গ্ৰহন কৰিয়েই তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদকৰ হোৱাৰ লগতে অসম আন্দোলনৰ এগৰাকী সক্ৰীয় কৰ্মী আছিল ৷ চাংমাইয়ে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ,ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, তাৰোপৰি অবিভক্ত লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ দায়িত্বত আছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে দুই পুত্ৰ সন্তানক এৰি থৈ যায়।