ঢকুৱাখনাত পথ দুৰ্ঘটনাত প্ৰবীণ শিক্ষাবিদৰ অকাল বিয়োগ...
ঢকুৱাখনাত পথ দুৰ্ঘটনাত প্ৰবীণ শিক্ষাবিদৰ অকাল বিয়োগ...  
মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত পথ দুৰ্ঘটনাত প্ৰবীণ শিক্ষাবিদৰ অকাল বিয়োগ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ইংৰাজী নব বর্ষৰ ধামখুমীয়াৰ মাজতে অহা এক দুঃখবৰে ম্ৰিয়মান কৰি তুলিছে ঢকুৱাখনাবাসীক । ঢকুৱাখনাৰ এগৰাকী সৰলমনা জ্যেষ্ঠ নাগৰিক, ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ভূপেন সোণোৱালৰ মঙ্গলবাৰে পুৱতি নিশা এক পথ দুৰ্ঘটনাজনিত কাৰণত অকাল বিয়োগৰ খবৰে শোকাচন্ন কৰি তুলিছে।

ঘটনাৰ বিবৰণি অনুসৰি সোমবাৰে সন্ধিয়া ঢকুৱাখনা নগৰ চাৰি আলি দিশে নিজৰ দুচকীয়া বাহনেৰে আহি আছিল প্ৰবীণ শিক্ষাবিদগৰাকী। এনেতে ঢকুৱাখনা ঘূণাসুঁতি গড়কাপ্তানী পথেৰে মাজুলী দিশৰ পৰা আহি থকা এ এছ ০১ কে চি ২২৩৯  নম্বৰৰ এখন মালবাহী ট্ৰাকে নগৰৰ মূল চাৰি আলিৰ কেঁকুৰী অতিক্ৰম কৰোঁতেই বাইক চালক সোণোৱালক সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰি গুৰুতৰ ভাবে জখম কৰে ।

পৰৱৰ্তী সময়ত ভৰি আৰু বুকুত গুৰুতৰভাবে আহত সোণোৱালক আৰক্ষীৰ সহযোগত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা কৰা হয় ।পাছত আঘাতৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি সোণোৱালক ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰা হয় যদিও মঙ্গলবাৰে পুৱতি নিশা প্ৰায় ২-৩৫ বজাত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৬৩ চনত বালিজান কছাৰী গাঁৱত জন্ম গ্ৰহণ কৰা সোণোৱালে ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়ত ১৯৮৯ চনৰ ১২ জানুৱাৰীত "বিজনেছ ষ্টাডিজ" বিষয়ত শিক্ষকতাৰ জীৱন পাতনি মেলি ১৯৯৭  চনৰ ২০ নৱেম্বৰত মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে।

এগৰাকী সুশিক্ষক আৰু দক্ষ প্ৰশাসক হিচাবে সৰ্ব পৰিচিতি অর্জন কৰা মিষ্টভাষী নিৰ্জু স্বভাৱৰ শিক্ষাবিদগৰাকীয়ে ২০২০ চনৰ ৩১ মাৰ্চত অধ্যক্ষ হিচাবে অৱসৰ গ্ৰহণ কৰে। পত্নী দীপালি সোণোৱাল ,পুত্ৰ আৰু কন্যাসহ অগণন আত্মীয় স্বজন আৰু গুণগ্ৰাহীক ইহ সংসাৰত এৰি যোৱা ঢকুৱাখনা নগৰৰ ২ নং ৱাৰ্ডৰ কচুগাঁও  নিবাসী সোণোৱালৰ বিয়োগত একালৰ কৰ্মথলী বাণিজ্য মহাবিদ্যালয় পৰিয়াল, শিক্ষক কৰ্মচাৰী গোট, ছাত্ৰ একতা সভাই গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

এগৰাকী নিৰীহ ব্যক্তিৰ প্ৰাণ লোৱা ট্ৰাকখন ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে চালকসহ আটক কৰি গোচৰ পঞ্জীয়ন কৰিছে ।