বনৰীয়া হাতীৰ আতংক
বনৰীয়া হাতীৰ আতংক 
মুখ্য-পৃষ্ঠা

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত বনৰীয়া হাতীৰ আতংক...

Asomiya Pratidin

ডিজিটেল সংবাদ, নামৰূপঃ  ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। পুনৰ এই ঘটনা সংঘটিত হৈছে নামৰূপত। নামৰূপস্থিত দিল্লী খণ্ড বন কাৰ্যালয়ৰ এলেকাৰ  অন্তৰ্গত তাপ বিদ্যুত প্ৰকল্পৰ আবাসীক এলেকাত  ক্ৰমাৎ বৃদ্ধি পাইছে  বনৰীয়া হাতীৰ উপদ্ৰপ।

জানিব পৰা অনুসৰি, বুধবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত তাপ বিদ্যুৎ কেন্দ্ৰৰ কলনীত বনৰীয়া হাতীৰ জাক এটাই প্ৰৱেশ কৰি থাৰমেল ক্লাৱৰ সমীপৰ গৃহ নং টাইপ ৪ ১৩৫  নম্বৰৰ  নিৰলা দত্তৰ আবাস গৃহত আক্ৰমন কৰি  কিছু অংশ ধ্বংশ কৰে। আনহাতে চাউথ কলনীৰ শিৱ মন্দিৰৰ সমীপৰ নাগেশ্বৰ সিঙৰ ঘৰটো সম্পূৰ্ণ ভাঙি লণ্ডভণ্ড কৰে। 

ভুক্তভোগীয়ে উল্লেখ কৰা অনুসৰি, প্ৰতি নিশাই হাতীৰ জাকটো কেতিয়াবা থাৰমেলত, কেতিয়াবা চাইক্য গাওঁ আদি গ্ৰাম্যাঞ্চলৰ বিভিন্ন স্থানত প্ৰৱেশ কৰি খেতি পথাৰ ,গছ গছনি ভাঙি তহিলং কৰাৰ লগতে ধাননি পথাৰো গছকি ৰাইজক ত্ৰাহি মধুসুদন দেখুৱাইছে। 

উল্লেখ্য যে, ১১ নৱেম্বৰত মাজনিশা হাতীৰ জাকটোৱে নামৰূপৰ পানীচকুৱা বন গাঁৱত সোমাই বন গাঁৱৰ  বাসিন্দা ৰাম গোৱালা আৰু ডেভিদ নামৰ ব্যক্তি দুজনৰ ঘৰ ভাঙি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল।সৌভাগ্য ক্ৰমে ঘৰৰ বাসিন্দাসকলে প্ৰাণ লৈ পলাবলৈ সক্ষম হয়।

আনহাতে ছেপ্টেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে নামৰূপ খণ্ড বন কাৰ্য্যালয়ৰ অন্তৰ্গত নামৰূপ অঞ্চলত মুঠ ১২টা ঘৰ বনৰীয়া হাতীয়ে ভাঙিলে যদিও বন বিভাগে কোনো ক্ষতিপূৰণ  নিদিয়াৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে । ইয়াৰ উপৰি এনে স্পৰ্শকাতৰ অঞ্চলসমূহত নিশাৰ ভাগত বন বিভাগে তহলদাৰী দিয়াৰো প্ৰয়োজনবোধ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

ইফালে এন্ধাৰ নামিলেই  বনৰীয়া হাতীৰ জাকটো বনাঞ্চলৰ পৰা ওলাই আহি  নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ ভিতৰতচ'ৰাত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি  কৰিছে। এনে প্ৰেক্ষাপটতত বনৰীয়া হাতীৰ জাকটোৱে তাপ বিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচত আক্ৰমণ কৰিলে  এক অকল্পনীয় পৰিস্থিতিৰ  সন্মুখীন হোৱাৰ আশংকা প্ৰকট হৈ পৰাত শংকিত হৈ পৰিছে উদ্যোগটোৰ বিষয় ববীয়া আৰু কৰ্মচাৰীসকল।

আৰু পঢ়কঃ দুই শতাধিক  কৃষকৰ মাজত মাকৈ, ঘেহু, মচুৰ মাহৰ বীজ বিতৰণ...