নতুন বছৰৰ উপহাৰ ! প্ৰতি ইউনিট বিদ্যুৎ মাছুল ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ...
নতুন বছৰৰ উপহাৰ ! প্ৰতি ইউনিট বিদ্যুৎ মাছুল ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ...  
মুখ্য-পৃষ্ঠা

নতুন বছৰৰ উপহাৰ ! প্ৰতি ইউনিট বিদ্যুৎ মাছুল ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নতুন বছৰৰ উপহাৰ ! পুনৰ বৃদ্ধি কৰা হ'ব বিদ্যুৎ মাছুল। নতুন বছৰৰ আৰম্ভণিতে উপভোক্তাক মাধমাৰ শোধাই শক্তি বিভাগে প্ৰতি ইউনিট বিদ্যুৎ মাছুলত ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে।

জানিব পৰা মতে এ পি ডি চি এলে এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে বিদ্যুৎ নিয়ামক আয়োগলৈ। এই প্ৰস্তাৱৰ ওপৰত আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে এ পি ডি চি এলে। এ পি ডি চি এলে গ্রাহকক উন্নত সেৱা প্রদান কৰিবলৈ এই সিদ্ধান্ত গ্রহণ কৰিছে বুলিও প্ৰকাশ কৰিছে।