মুখ্য-পৃষ্ঠা

দিল্লীত আকৌ ৰেহাইঃ সোমবাৰৰ পৰা খোলা দোকান-বজাৰ…

asomiyapratidin

দিল্লীত আকৌ ৰেহাইঃ সোমবাৰৰ পৰা খোলা দোকান-বজাৰ…

ডিজিটেল ডেস্কঃ দিল্লীত পুনৰ কিছু নীতি-নিয়ম শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। দেওঁবাৰে এই নতুন নীতি-নিয়ম জনতাক অৱগত কৰিবলৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে যে, সোমবাৰ (১৪জুন.২০২১)ৰ পৰা দিল্লীত দোকান সমূহ খোলা থাকিব পুৱা ১০বজাৰ পৰা নিশা ৮ বজালৈকে।

ইফালে দিল্লীৰ নিয়মীয়া বজাৰ আৰু মল সমূহৰ ক্ষেত্ৰতো শিথিলতা আনিছে চৰকাৰে। এতিয়াৰে পৰা সকলো মল আৰু বজাৰ একেলগে খুলিব পাৰিব। পূৰ্বৰ নিয়ম সোমবাৰৰ আৰু বাহাল নাথাকে দিল্লী। এই সপ্তাহ এই প্ৰক্ৰিয়াৰে চৰকাৰে সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিব আৰু এসপ্তাহৰ পিছত পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

নতুন নিয়ম অনুসৰি, চেলুন-ৰেষ্টুৰেন্ট খুলিব পাৰিব সোমবাৰৰ পৰা। কিন্তু ৫০শতাংশ গ্ৰাহকৰ উপস্থিতি নিশ্চিত কৰিব লাগিব সকলোৱে। সাপ্তাহিক বজাৰৰ ক্ষেত্ৰতো শিথিলতা প্ৰদান কৰিছে দিল্লী চৰকাৰে। ধৰ্মীয় স্থলী সমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে যদিও ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে নতুন গাইড লাইনত।

সংবাদমেলত কেজৰিৱালে কয় যে, কোৰোনাকেন্দ্ৰিক পৰিস্থিতি উন্নত হলে এনেকৈয়ে লাহে লাহে স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ চেষ্টা কৰা হব। তেতিয়ালৈকে সকলোকে সাৱধান আৰু সজাগ হৈ থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে, দিল্লীত বৰ্তমান পজিটিভিটীৰ হাৰ ১শতাংশৰো তলত। প্ৰতিদিনে আক্ৰান্ত সংখ্যা বৰ্তমান ৫০০ৰো তলত।