আমৰ বাবেই আন্তঃৰাষ্ট্ৰীয় স্তৰত লাজত পৰিল পাকিস্তান…

আমৰ বাবেই আন্তঃৰাষ্ট্ৰীয় স্তৰত লাজত পৰিল পাকিস্তান…

আমৰ বাবেই আন্তঃৰাষ্ট্ৰীয় স্তৰত লাজত পৰিল পাকিস্তান..

ডিজিটেল সংবাদঃ পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত লজ্জানত হ'ল পাকিস্তান। পাকিস্তানে নতুনকৈ আৰম্ভ কৰা "আম কূটনীতি"ৰ বাবেই আন্তঃৰাষ্ট্ৰীয় স্তৰত লজ্জানত হ'ল দেশখন। পাকিস্তানে শেহতীয়াকৈ আৰম্ভ কৰিছে আমৰ কূটনীতি। কোৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ থকা পাকিস্তানে কূটনৈতিক ৰণনীতি তৈয়াৰ কৰি ৩০ খনতকৈ অধিক দেশলৈ আম উপহাৰ হিচাবে প্ৰেৰণ কৰিছিল। কিন্তু পাকিস্তানৰ এই উপহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে পাকিস্তাৰ সৰ্বশ্ৰেষ্ঠ বন্ধু হিচাপে পৰিচিত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ৰাষ্ট্ৰই।

জানিব পৰা মতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনকে ধৰি ৩০ খনতকৈও অধিক দেশৰ মূৰব্বীলৈ দেশখনৰ আম উপহাৰ হিচাবে প্ৰেৰণ কৰিছল। কিন্তু এই দেশসমূহে তেওঁলোকৰ দেশত প্ৰচলন হৈ থকা কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ নিয়মৰ কথা উল্লেখ কৰি পাকিস্তানৰ এই উপহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।

পাকিস্তানৰ কূটনীতিৰ অংশস্বৰূপে দেশখনৰ ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিয়ে বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰৰ মূৰব্বীসকললৈ প্ৰেৰণ কৰা আমসমূহ চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, নেপাল, শ্ৰীলংকা আদিৰ দৰে বহু কেইখন দেশে অস্বীকাৰ কৰি ধূৰাই পঠিয়াইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in