আকৌ পুৱাই আহিল ভূমিকম্প...
আকৌ পুৱাই আহিল ভূমিকম্প... 
মুখ্য-পৃষ্ঠা

আকৌ পুৱাই আহিল ভূমিকম্প...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সপ্তাহটোৰ আৰম্ভণিতেই এক মৃদু জোকাৰণিয়ে কপাই গ'ল পঞ্জাৱক। শনিবাৰে নেপালত দুটাকৈ ভূমিকম্পই বিস্তৰ ক্ষতি কৰাৰ সময়ত ভাৰতৰো দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। ইয়াৰ পিছত আজি পঞ্জাৱত পুৱাই আহিল আন এক ভূমিকম্প।

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.১। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল অমৃতসৰৰ পৰা ১৪৫ কিলোমিটাৰ পশ্চিমে, পাকিস্তানৰ চিনিওট চহৰৰ পৰা ৮ কিলোমিটাৰ দূৰত। যি মাটিৰ পৰা ১০ কিলোমিটাৰ তলত আছে।

পাকিস্তানৰ চিনিওটত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.২। অৱশ্যে এই ভূমিকম্পৰ কোনো ক্ষয়, ক্ষতিৰ খবৰ এই পৰ্যন্ত লাভ কৰা নাই।

ইয়াৰ পূৰ্বে শনিবাৰে দিল্লী-এনচিআৰত ৫.৪ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল নেপালত। উল্লেখ্য যে শনিবাৰে দিল্লীকে ধৰি আন ৰাজ্য কেইখনত অহা ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৪।