মুখ্য-পৃষ্ঠা

দুলীয়াজানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা দুলীয়াজানৰ হুকুটা চাৰিআলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ৰাম চৰণ গুপ্তা নামৰ ব্যৱসায়ীগৰাকীৰ ডেম্পত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। নিশা চোৰৰ এটা দলে ডেম্পটোত প্ৰৱেশ কৰি অগ্নি সংযোগ কৰাৰ অভিযোগ তৰিছে ব্যৱসায়ীগৰাকীয়ে ।

ডেম্পৰ ভিতৰত থকা কাগজৰ কাৰ্টুনৰ পৰা ভয়াৱহ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। কেইবা লক্ষাধিক মূল্যৰ সা-সামগ্ৰী জুইত জাহ যায়। ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময় ধৰি চলোৱা অহৰহ চেষ্টা অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।