মুখ্য-পৃষ্ঠা

ৰঙিয়াত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ মাফিয়া আতিকুল আহমেদ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত শুকুৰবাৰে পুৱতি নিশা নামনি অসমৰ কুখ্যাত ড্ৰাগছ মাফিয়াক এছটি এফে গ্ৰেপ্তাৰ কৰে। এছটিএফৰ তথ্য অনুসৰি ধৃত কুখ্যাত ড্ৰাগছ মাফিয়াটো ৰঙিয়াৰ বালাগাঁৱৰ আতিকুল আহমেদ ওৰফে আইতুল বুলি। ঘটনাৰ বিৱৰণি অনুসৰি নিষিদ্ধ ড্ৰাগছৰ লগতে বহিঃৰাজ্যলৈ দীৰ্ঘদিন ভাং সৰবৰাহকাৰী হিচাপে লিপ্ত হৈ আছিল।

গুৱাহাটীৰ পৰা অহা এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কুখ্যাত ড্ৰাগছ মাফিয়া আতিকুল আহমেদৰ ৰঙিয়াৰ বালা গাঁৱৰ ঘৰত তালাচী চলায়। তথ্যৰ আঁত ধৰি অনুসন্ধান চলাই আত্মগোপন কৰি থকা কুখ্যাত ড্ৰাগছ মাফিয়া আতিকুল আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নামনি অসমৰ লগতে উত্তৰ বংগলৈ ড্ৰাগছ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰা কুখ্যাত ড্ৰাগছ মাফিয়া আতিকুল আহমেদে দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল ।

উল্লেখ্য যে মণিপুৰ, মিজোৰামৰ পৰা ভাং অতি নিম্ন দৰত ক্ৰয় কৰি বিহাৰ, পশ্চিমবঙ্গ দিশে চালান দি অহা কুখ্যাত ড্ৰাগছ মাফিয়া আতিকুল আহমেদক ২০২৩ চনৰ পৰা কামৰূপ আৰক্ষীয়ে মণিপুৰৰ পৰা ৰঙিয়ালৈ অনা ৬ কোটি টকাৰ মণিপুৰী ভাং জব্দ কৰিছিল আৰু ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। সেই সৰবৰাহকাৰীৰ ভিতৰত আছিল ড্ৰাগছ মাফিয়া আতিকুল আহমেদৰ ভাতৃ।