মুখ্য-পৃষ্ঠা

হেৰোইনসহ চাৰিটা ড্ৰাগছ ব্যৱসায়ীক আটক…

asomiyapratidin

হেৰোইনসহ চাৰিটা ড্ৰাগছ ব্যৱসায়ীক আটক…
ডিজিটেল সংবাদ শিলচৰ: কাছাৰৰ ধলাইত আৰক্ষীয়ে জব্দ কৰিছে হেৰোইন৷ সোণাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত কাটাখালত চলা এক ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰা হৈছে এই হেৰোইনখিনি ৷আৰক্ষীয়ে এখন বাহনত হেৰোইন ভৰ্তি চাৰিটা চাবোনৰ কেচ লৈ অহাৰ সময়তে বাহনসহ চাৰিটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে। জ্বদ কৰা হেৰোইনখিনিৰ পৰিমাণ ১২ গ্ৰাম বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ী কেইটা ক্ৰমে আনোৱাৰ হুচেইন লস্কৰ,আব্দুল হক,নুৰুললহক বৰভুঞা আৰু আইনুল হক বৰভুঞা৷ আটাইৰে ঘৰ ধলাই সমষ্টিৰ ক্ৰমে হায়াইথাং, বিষ্ণুপুৰ, বিনোদিনী নগৰ আৰু জয়ধনপুৰত বুলি জানিব পৰা গৈছে ৷