হেণ্ডকাফ খুলি পলায়ন ড্ৰাগছ সৰবৰাহকাৰীৰ
হেণ্ডকাফ খুলি পলায়ন ড্ৰাগছ সৰবৰাহকাৰীৰ 
মুখ্য-পৃষ্ঠা

বিলাসীপাৰাত আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ খুলি পলায়ন ড্ৰাগছ সৰবৰাহকাৰীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ হেণ্ডকাফ খুলি আৰক্ষীৰ হাতৰ পৰা পলাল অপৰাধী। এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। বিলাসীপাৰা মহকুমা আদালতত শুকুৰবাৰে বিয়লি আৰক্ষীৰ জিম্মাৰ পৰা এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হেণ্ডকাফ খুলি পলায়ন কৰে। এই ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে বিলাসীপাৰা মহকুমাৰ চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মোৱাটাৰী অঞ্চলত এক অভিযান চলায়। অভিযানত ছাজিছ আলী আৰু ইলিয়াছ আলী নামৰ দুজন যুৱকক আটক কৰিছিল। আৰক্ষীয়ে তেওঁলোক দুজনৰ পৰা ৫ টা হেৰইন ভৰ্তি কন্টেনাৰ, ৬টা খালি কন্টেনাৰ আৰু কিছু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনা অনুসৰি আজি চাপৰ থানাৰ আৰক্ষী বিষয়া ঘনকান্ত দেউৰী, কনিষ্টবল সুনিল বৰ্মন আৰু গণেশ দাসে আচামীদ্বয়ক বিলাসীপাৰা মহকুমা আদালতত হাজিৰ কৰাবলৈ আনিছিল। আদালতত হাজিৰ কৰোৱাৰ প্ৰক্ৰিয়া চলাই থাকোতে আদালতৰ প্ৰথম মহলাৰ পৰা ছাজিছ আলী নামৰ আচামীজন হেণ্ডকাফ খুলি জপিয়াই পলায়ন কৰে।

উল্লেখ্য যে, আচামীদ্বয়ৰ বিৰুদ্ধে চাপৰ থানাত ২০০/২২নংত ২১(এ) এন ডি পি এছ ধাৰাত গোচৰ পঞ্জীয়ন কৰিছে। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী মহলত এক হুৱাদুৱা লাগে। তাৰোপৰি এজন কুখ্যাত আচামী কিদৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিব পাৰিলে তাকেলৈও সচেতন মহলে প্ৰশ্নৰ অৱতাৰণা কৰে।

আনহাতে আৰক্ষীয়েও আচামীজনক বিচাৰি অভিযান আৰম্ভ কৰে। অৱশ্যে সন্ধিয়া আৰক্ষীৰ এটা দলে চাপৰৰ মোৱাটাৰীত থকা বাসগৃহৰ পৰা আচামীজনক পুনৰ আটক কৰিবলৈ সক্ষম হয়।

আৰু পঢ়কঃ চিৰাঙৰ পাণবাৰীত দুৰ্বৃত্তৰ গুলিচালনাত এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু...