মুখ্য-পৃষ্ঠা

দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত ঘৰলৈ উভতিব বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা...

Asomiya Pratidin

ডিজিটেল ডেস্ক: উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ ৰাওনা হৈছিল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা। সেইয়া জানুৱাৰী মাহৰ কথা। এতিয়া দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত মাতৃভূমিলৈ উভতিবৰ সাজু হৈছে বিশিষ্ট বাঁহীবাদকগৰাকী।

কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে ৰাজধানী চহৰ দিল্লীৰ পৰা বিমান যোগে আহি ঠিক ২.৩০ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'ব বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা। দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত প্ৰায় সুস্থ অৱস্থাত ঘৰলৈ উভতিব বাঁহীবাদকগৰাকী। এই খবৰে এতিয়া তেওঁৰ অনুৰাগীক সুখী কৰি তুলিছে।

উল্লেখ্য যে, ক'ভিডত আক্ৰান্ত হোৱাৰ উপৰিও ডেংগুতো আক্ৰান্ত হৈছিল বাঁহী বাদক গৰাকী। তাৰ পিছত জণ্ডিছত আক্ৰান্ত দীপক শৰ্মাৰ যকৃতকে ধৰি দেহৰ আন কিছু অংগতো বিসংগতি ধৰা পৰিছিল। সেয়েহে চিকিৎসাকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত দিল্লীলৈ চিকিৎসাৰ বাবে গৈছিল তেওঁ।