সাৱধান ! সুৰা সেৱন কৰি গাড়ী চলাই ভৰিছে ১০ হাজাৰ, জব্দ হৈছে অনুজ্ঞাপত্ৰ...
সাৱধান ! সুৰা সেৱন কৰি গাড়ী চলাই ভৰিছে ১০ হাজাৰ, জব্দ হৈছে অনুজ্ঞাপত্ৰ... 
মুখ্য-পৃষ্ঠা

সাৱধান ! সুৰা সেৱন কৰি গাড়ী চলাই ভৰিছে ১০ হাজাৰ, জব্দ হৈছে অনুজ্ঞাপত্ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজপথত আকন্ঠ সুৰা পান কৰি যান বাহন চলাচল কৰা সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে লখিমপুৰ জিলা পৰিবহন বিভাগে। লখিমপুৰ জিলা পৰিবহন বিভাগৰ বিষয়া ৰাজীৱ ভূঞাৰ নেতৃত্বত প্ৰাঞ্জল হাজৰিকা, ৰাকেশ বৰা, প্ৰবীণ পেগু, গৌতম ৰাজখোৱাৰ সহযোগত আজি সন্ধিয়া ঢকুৱাখনা নগৰ চাৰিআলিত "ব্ৰে'থ এনালাইজাৰ" ব্যৱহাৰ কৰি  সুৰাসক্ত চালকসকলক চিনাক্ত কৰে।

নগৰৰ বিভিন্ন অঞ্চলৰ ৰাজপথত অৱস্থান কৰি পৰিবহণ বিভাগে চলোৱা অভিযান কালত সুৰাপায়ী চালকসকলক জৰিমনা বিহে।  আজিৰ অভিযান কালত ৫ গৰাকী সুৰাপায়ী চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এইসকল চালকৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ জব্দ কৰি প্ৰায় ৫০ হাজাৰ টকা জৰিমনা ধন সংগ্ৰহ কৰে পৰিবহন বিভাগৰ দলটোৱে।

পৰিবহন বিভাগৰ বিষয়া ভূঞাই সকলো নাগৰিক আৰু বাহনৰ চালকক নিজৰ লগতে যাত্ৰী আৰু পথচাৰীৰ জীৱন সম্পত্তিলৈ বিনাশ মাতি মদ্য পান কৰি বাহন নচলাবলৈ  সকীয়াই দিয়ে।