ঢকুৱাখনা আৰক্ষীক বিহু দেখুৱালে মহিলাই...
ঢকুৱাখনা আৰক্ষীক বিহু দেখুৱালে মহিলাই...  
মুখ্য-পৃষ্ঠা

ঢকুৱাখনা আৰক্ষীক বিহু দেখুৱালে মহিলাই...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  সমগ্ৰ ৰাজ্যবাসী উৰুকাৰ ভোজ-ভাত আয়োজনত মচগুল হৈ থকাৰ সময়তে শনিবাৰে ঢকুৱাখনাৰ এগৰাকী মহিলাই নাগৰিকক দেখুৱালে ব্যতিক্ৰমী বিহু । বিহু মানে একেবাৰে কস্মিন কালেও নেদেখা একেবাৰে লোমহৰ্ষক বিহু।

মহিলাগৰাকী ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ভলুকাগুৰি গাঁৱৰ। প্ৰাথমিক দৃষ্টিত বিহুৰ বতৰত সুন্দৰ ৰঙীন সাজ পৰিধান কৰা সাধাৰণ মহিলা বুলি ধাৰণা হোৱা এইগৰাকী মহিলা শনিবাৰে বিয়লি অকস্মাতে ঢকুৱাখনা নগৰৰ মাজ মজিয়াত অৱস্থিত চাৰিকঢ়িয়া নদীৰ লোৰ দলংৰ সুউচ্চ ৰেলিংত উঠি আৰম্ভ কৰে উদ্দাম নৃত্য ।

হঠাৎ এগৰাকী মহিলাৰ এনে অস্বাভাৱিক আচৰণ দেখি কৌতূহলী নাগৰিকে ওচৰলৈ গৈ এনে শিহৰণকাৰী দুষ্কাৰ্য নকৰিবলৈ খাটনি ধৰে । কিন্তু ভোগালীৰ বতৰত নাচোৰবান্দা মহিলা ।

প্রদর্শন কৰিবই স্বকীয় প্ৰতিভা। ব্যতিক্ৰমী কিবা এটা কৰিবই। উপায়ন্তৰ নাগৰিকে  বিষয়টো অৱগত কৰে ঢকুৱাখনা সদৰ থানাত । লগে লগে সদৰ থানাৰ আৰক্ষী গৈ উপস্থিত দলংৰ ওপৰত।

আৰক্ষীক দেখি এইবাৰ মহিলাৰ তাণ্ডৱ নৃত্য চলিল । আৰক্ষীকো কেৰেপ নকৰি সুউচ্চ লোৰ ৰেলিংৰ ওপৰত উঠি আৰম্ভ কৰিলে উচ্চ বাচ্য । পৰৱৰ্তী সময়ত নগৰ হাবিলদাৰ তিলক শইকীয়া,মহিলা আৰক্ষী নৱনীতা গোঁহাইৰ তৎপৰতাত মহিলাগৰাকীক তললৈ নামি নদীৰ পাৰত উপস্থিত হৈ বাগৰ দিলে  শীতস্নানৰ বাবে।

ইয়াতে আৰক্ষীৰ কঠোৰ বাণী শুনি এইবাৰ মহিলাগৰাকীৰ মৰণ পন দৌৰ নদী পাৰৰ পৰা ৰাজপথলৈ। পাছে পাছে আৰক্ষী । পৰিশেষত ফান্দত পৰিল সুন্দৰ ৰক্তবৰ্ণ সাজ পৰিহিত মহিলা গৰাকী।

আৰক্ষীয়ে হাতে ভৰিয়ে ধৰি দাঙি ভৰালে নাকা গাড়ীত। প্ৰথমে চিকিৎসালয় আৰু পৰৱৰ্তী সময়ত থানালৈ নি সোধাপোছা কৰি ঘৰৰ অন্য আত্মীয়ক মাতি আনি চমজাই দিলে সোঁশৰীৰে ।

শনিবাৰে বিয়লি প্ৰায় ডেৰ ঘণ্টা ধৰি ঢকুৱাখনা আৰক্ষীক বিহু দেখুৱাই পৰৱৰ্তী সময়ত স্বগৃহলৈ গমন কৰা মহিলাগৰাকীৰ আত্মীয়ই জনোৱা মতে বিহুৰ বতৰত আকণ্ঠ সোমৰস পান কৰি মহিলাগৰাকীয়ে এনে তাণ্ডৱ নৃত্য কৰে । সম্প্ৰতি মহিলা গৰাকী সুস্থ বুলি জনা গৈছে ।