ধিং প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ সামৰণি
ধিং প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ সামৰণি 
মুখ্য-পৃষ্ঠা

ধিং প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও : নগাঁও জিলাৰ ধিঙত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ধিং প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ সামৰণি সমাৰোহ ৷ এই উপলক্ষে পুৱা ধিঙৰ শ্বহীদ ভৱনৰ বাকৰিত অঞ্চলটোৰ ২৫ গৰাকী জেষ্ঠ্য নাগৰীক আৰু বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ বছৰীয়া জয়ন্তী উপলক্ষে ২৫ খন পতাকা উত্তোলন কৰে।

আনহাতে ৰূপালী জয়ন্তী সমাৰোহৰ পতাকা আৰু ধিং প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে ক্ৰমে কৰুণা বৰা আৰু ৰাজীৱ নেওগে৷ ইয়াৰ লগে লগে শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে প্ৰাক্তন ছাত্ৰ নেতা ৰুদ্ৰকান্ত শইকীয়া আৰু ধিং প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক তথা ধিং মহাবিদ্যালয় অধ্যক্ষ ড° বিমান হাজৰীকাই৷

একেসময়তে গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে নগাঁৱৰ গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াই ৷ ধিঙৰ বেচৰকাৰী সংস্থা 'সৃষ্টি সুমধুৰ চচাইটি'ৰ ব্যৱস্থাপনাত এক বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়৷

উক্ত বৃক্ষৰোপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ক্ৰমে সমাজসেৱক দীপক কুমাৰ নাথ, ইনামুল হক চৌধুৰী আৰু বিদ্যুত হাজৰিকাই ৷ধিঙৰ ভিন্ন জাতি- জনগোষ্ঠী, কলা, কৃষ্টি, সংস্কৃতি তথা জগত গুৰুজনাৰ অপূৰ্ব সৃষ্টি আৰু কৰ্মৰাজীৰ সমাহাৰেৰে উলিওৱা হয় এক বৰ্ণিল শোভাযাত্ৰা ৷

এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই উজ্বলাই তোলে ধিং চহৰ।জনপ্ৰিয় কন্ঠ শিল্পী কৃষ্ণমনি নাথে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাই ধিং টাউন পৰিভ্ৰমণ কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হয়৷

বিয়লি অনুষ্ঠিত হয় মুকলি সভা ৷ নগাওঁ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃনাল তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক-নিৱন্ধকাৰ হেমেন কুমাৰ দাস, ধিং প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক তথা ধিং মহাবিদ্যালয় অধ্যক্ষ ড°বিমান হাজৰিকা, বিশিষ্ট লেখক,খাগৰিজান কলেজৰ উপাধ্যক্ষ ড°জোনাৰাম নাথ, অসমীয়া সাহিত্য সন্মিলনী নগাঁও জিলাৰ সম্পাদক মুকুল বৰাই ৷

তদুপৰি এই সভাতেই খাগৰিজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিশিষ্ট লেখক ড° জোনাৰাম নাথৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ৰূপালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ 'চতুৰ্থ স্তম্ভ' উন্মোচন কৰে কটহগুৰী জুনিয়ৰ কলেজৰ শিক্ষক ৰবীন বৰদলৈয়ে। আনহাতে ধিং শতদল শাখা সাহিত্য সভাৰ সম্পাদক হৰগোবিন্দ শইকীয়াই তেখেতৰ পিতৃ তথা প্ৰাক্তন শিক্ষক, সু-সাহিত্যিক প্ৰয়াত কৈলাশ চন্দ্ৰ শইকীয়াৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা আন এখনি ত্ৰি-ভাষিক গ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুদাৰে৷

মুকলি সভাত ভাষণ দি বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে কয় যে, মফচলীয় সাংবাদিকসকলৰ কষ্ট আৰু ত্যাগক কোনেও নুই কৰিব নোৱাৰে।সংবাদ প্ৰতিষ্ঠানত মফচলীয় সাংবাদিকৰ বা-বাতৰিৰ অৱদান অপৰিসীম। কিন্তু ইয়াৰ বিনিময়ত তেওঁ লোকে প্ৰাপ্য পোৱা নাই।

তেওঁ ভাষণত মফচলীয় সাংবাদিকৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে। জ্যেষ্ঠ সাংবাদিক তথা নিৱন্ধকাৰ হেমেন কুমাৰ দাসে নিজৰ ভাষণত ১৯৯৫চনত তেওঁ ধিঙৰ পৰা সংবাদসেৱা কৰি থকা সময়ত কি পৰিস্থিতিত ধিং প্ৰেছ ক্লাৱ গঠন কৰিবলগীয়া হৈছিল সেই বিষয়ে উল্লেখ কৰি কয়,"আমাৰ প্ৰতি অহা নিৰন্তৰ ভয়, ভাবুকিৰ পৰিপ্ৰেক্ষিতত আমি ধিঙৰ সাংবাদিকসকলৰ ঐক্যবদ্ধতা জাহিৰ কৰিবলৈ প্ৰেছ ক্লাৱ গঠন কৰিব লগীয়াহৈছিল।"

ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকাই প্ৰেছ ক্লাৱৰ এক ইতিহাস দাঙি ধৰে।সঞ্চালকৰ ভাষণত কনক হাজৰিকাই সাংবাদিকৰ সমন্বয়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

সন্ধিয়া ৰূপালী জয়ন্তী উপলক্ষে ২৫ গচি বন্তি প্ৰজ্বালন কৰাৰ লগতে ধিঙৰ বিশিষ্ট সমাজসেৱক বিমল চন্দ্ৰ দাসে উদ্বোধন কৰা স্থানীয় বাচক বনীয়া শিল্পীসকলৰ সাংস্কৃতিক বিচিত্ৰানুষ্ঠানে প্ৰথম দিনৰ কাৰ্যসূচী সামৰনি পৰে।

দেওঁবাৰে পুৱা ধিঙৰ জ্যেষ্ঠ নাগৰিকসকলৰ 'সোনোৱালী দিনৰ ৰূপোৱালী অভিজ্ঞতা' শীৰ্ষক এক অনুষ্ঠানৰ লগতে চিত্ৰাংকন আৰু প্ৰশ্নোত্তৰ প্ৰতিযোগিতাৰ উপৰিও সন্ধিয়া জনপ্ৰিয় শিল্পী ৰিচা ভৰদ্বাজ আৰু ভাস্কৰ অপ্সৱেলৰ গীতৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰিব৷