মটৰ চাইকেলৰ দুৰ্ঘটনাত আহত ধেমাজিৰ অধিবক্তা দেৱজিৎ বৰুৱাৰ মৃত্যু
মটৰ চাইকেলৰ দুৰ্ঘটনাত আহত ধেমাজিৰ অধিবক্তা দেৱজিৎ বৰুৱাৰ মৃত্যু  
মুখ্য-পৃষ্ঠা

মটৰ চাইকেলৰ দুৰ্ঘটনাত আহত ধেমাজিৰ অধিবক্তা দেৱজিৎ বৰুৱাৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ৩১ ডিচেম্বৰৰ সন্ধিয়া ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মটৰ চাইকেলেৰে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰা ধেমাজি আদালতৰ অধিবক্তা তথা ধেমাজি নগৰৰ ৩ নং ৱাৰ্ডৰ সৰবৰহী যুৱক দেৱজিৎ বৰুৱাৰ আজি চিকিৎসাধীন অৱস্থাতে দিনৰ প্ৰায় ২ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৩ বছৰ।

যুৱকজনৰ মৃত্যৰ খবৰ বিয়পি পৰাৰ লগে লগে ধেমাজিত গভীৰ শোকৰ ছাঁ পৰে। উল্লেখ্য যে,৩১ ডিচেম্বৰত সন্ধিয়া ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই অহা অধিবক্তা দেৱজিৎক ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখতে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগি মটৰচাইকেলে খুন্দা মাৰে।

ফলত অধিবক্তা বৰুৱাই মূৰ, মুখমণ্ডল, পিঠি আৰু হাতত গুৰুতৰভাৱে আঘাত পায়। ঘটনাৰ পিছতেই তেওঁক তৎতাতৈয়াকৈ ধেমাজি নগৰৰ এখন ব্যক্তিগত নাচিংহোমলৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ ব্যক্তিগত আদিত্য নাচিংহোমত ভৰ্তি কৰে৷

তিনিদিন ধৰি চিকিৎসাধীন হৈ থকা অধিবক্তা দেৱজিতে মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি হাৰ মানিলে ৷ অতি অমায়িক, মিঠামুখীয়া দেৱজিৎ বৰুৱা ধেমাজিৰ নগৰত সকলোৰে মাজত জনপ্ৰিয় আছিল ৷ তেওঁৰ মৃত্যুত ধেমাজি জিলা উকীল সন্হাৰ লগতে জিলাখনৰ বিভিন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত অধিবক্তা দেৱজিতে পত্নীসহ এটি ৯ মহীয়া সন্তানৰ সৈতে পিতৃ-মাতৃ ,এজন ককায়েক আৰু পৰিয়ালৰ অনকজনক এৰি গৈছে ৷