delhi murder case
delhi murder case  
মুখ্য-পৃষ্ঠা

প্ৰেয়সীক হত্যা কৰাৰ পাছত মেক-আপ কৰি দিছিল আফতাবে! বহু ভয়ংকৰ ৰহস্য খোলাচা

Asomiya Pratidin

ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই। যিমানেই আৰক্ষীয়ে তদন্ত কৰি গৈছে সিমানেই নতুন নতুন ঘটনা পোহৰলৈ আহিছে। মঙলবাৰে আৰক্ষীয়ে শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰীক্ষণ চলায়।

পোহৰলৈ অহা তথ্য অনুসৰি শ্ৰদ্ধাৰ প্ৰেমিক আফটাব আমিন পুনাৱালাই শ্ৰদ্ধাক হত্যা কৰি ৩৫ টুকুৰা কৰিছিল। এই টুুকুৰা সমূহ আফটাবে ফ্ৰীজত ভৰাই থৈছিল আৰু শ্ৰদ্ধাৰ কটা মূৰতো প্ৰথমতে ৰাখি থৈছিল যাতে ফ্ৰীজ খুলিলেই শ্ৰদ্ধাক চাব পাৰে। শ্ৰদ্ধাৰ কটা মূৰত শেষত পেলাইছিল আফটাবে।

কেৱল ইমানেই নহয়, শ্ৰদ্ধাৰ মূৰতো কটাৰ পাছত মুখত মেকআপো কৰিছিল আফটাবে। উল্লেখ্য যে, এই টুকুৰা সমূহ পেলাবলৈ আফটাবক ১৮ দিন সময়ৰ প্ৰয়োজন হৈছিল। আফটাবে শ্ৰদ্ধাক হত্যা কৰাৰ পাছত দোকানলৈ চুৰী কিনিবলৈ গৈছিল আৰু চুৰী খন কিমান চোকা সেয়া নিজৰ হাতত পৰীক্ষা কৰি চাইছিল। যাৰ বাবে আফটাব আঘাত প্ৰাপ্তও হৈছিল।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে শ্ৰদ্ধাক হত্যা কৰাৰ পাছতেই আফটাবে অন্য যুৱতীৰ লগত ডেটিং এপৰ জৰিয়তে সম্পৰ্ক কৰিছিল। আনকি শ্ৰদ্ধাৰ মৃতদেহ থোৱা ৰুমটোত অন্য যুৱতী আনি শাৰিৰীক সম্পৰ্কও স্থাপন কৰিছিল। গতিকে আৰক্ষীয়ে এয়াও তদন্ত কৰিবলৈ আৰম্ভ কৰিছে যে শ্ৰদ্ধাৰ বাহিৰে অন্য যুৱতীকো হত্যা কৰিছিল নেকি আফটাবে।

উল্লেখ্য যে, শ্ৰদ্ধা আৰু আফটাব প্ৰায় ৩ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। বেলেগ ধৰ্মৰ হোৱাৰ বাবে শ্ৰদ্ধাৰ পৰিয়ালে এই সম্পৰ্কটো মানি লোৱা নাছিল। তাৰ পাছতেই শ্ৰদ্ধা আৰু আফটাবে একেলগে থাকিবলৈ লৈছিল।

কিন্তু শ্ৰদ্ধাই বিয়া পতাৰ কথা কোৱাৰ বাবে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ।যাৰ বাবে হত্যা কৰিছিল শ্ৰদ্ধাক। প্ৰায় ৫ মাহ পূৰ্বে সংঘটিত হোৱা হত্যাকাণ্ড শ্ৰদ্ধাৰ পিতৃৰ এজাহাৰৰ পাছত পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰু বহু ৰহস্য ফাদিল হোৱাৰ সম্ভাৱণা আছে।

আৰু পঢ়ক: এয়া প্ৰেম নহয়! প্ৰেমিক আফতাবে ৩৫ টুকুৰা কৰিলে শ্ৰদ্ধাৰ মৃতদেহ, কাৰণ...